NORTHEAST NOW (Assamese)

চীনক বিদায় জনাই ভাৰতলৈ অহাৰ মন মেলিছে ৬০০টা বিদেশী কোম্পানি

June 2, 2020 11:22 am · এন ই নাও নিউজ
Updated: June 2, 2020 11:28 am

ক’ৰ’না ভাইৰাছৰ কাৰণে এতিয়া ৬০০ টা বিদেশী কোম্পানিয়ে চীনক বিদায় জনাই ভাৰতলৈ অহাৰ সম্ভাৱনাই দেখা দিছে। এই সম্বন্ধে ভাৰতৰ সৈতে কোম্পানিসমূহৰ কথা-বতৰা চলি আছে।

ইতিমধ্যে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে এই কোম্পানি সমূহ স্থাপনৰ বাবে বিভিন্ন ৰাজ্যৰ সৈতে আলোচনাও কৰিছে।

জানিব পৰা মতে, যিখন ৰাজ্যই কম সময়ৰ ভিতৰত কোম্পানি স্থাপনৰ বাবে সা-সুবিধাৰ লগতে অনুমতি দিব তাতেই বিদেশী কোম্পানি স্থাপনৰ অনুমতি দিব কেন্দ্ৰীয় চৰকাৰে।

ইংৰাজী কাকত টাইমছ অফ ইণ্ডিয়াত দিয়া এটা সাক্ষাৎকাৰত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে বিদেশী কোম্পানি ভাৰতলৈ অনাৰ ক্ষেত্ৰত ৰাজ্য সমূহৰ ভুমিকা গুৰুত্বপূৰ্ণ হ’ব।

উল্লেখ্য যে ভাৰতত বিদেশী কোম্পানি স্থাপন কৰাৰ সময়ত দেখা দিয়া মূল সমস্যা হৈছে ভূমি আৰু স্থানীয়ভাৱে অনুমতি গ্ৰহণ কৰা।

ৰাজ্য সমূহক ইতিমধ্যে ভূমি উপলব্ধ কৰাত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনোৱা হৈছে।

মন্ত্ৰী গোয়েলে লগতে কয় যে ক’ৰ’না ভাইৰাছে সংকটৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কিছু আশাৰ সঞ্চাৰো কঢ়িয়াই আনিছে। এই সন্দৰ্ভত চৰকাৰে উদ্যোগ জগতৰ সৈতে মিলি ৰণনীতি তৈয়াৰ কৰি আছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোদী নেতৃত্বাধীন চৰকাৰে খনন, কৃষি আৰু উদ্যোগখণ্ডত কেইবাটাও ডাঙৰ সংশোধন ঘটাইছে। কৰ্প’ৰেট টেক্স কমোৱাৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে ১২ টা খণ্ডৰ জৰিয়তে ৰপ্তানী বৃদ্ধিৰ পৰিকল্পনা কৰিছে।

Related News