• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয়তাৰ শীৰ্ষত ‘চীন বৰ্জন’ অভিযানৰ ডিজিটেল অস্ত্ৰ Remove China Apps; কেনেকৈ কৰে কাম?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2020 10:47 am

2 min read

how-to-Remove-China-Apps-on-Android-phone
16.1k
VIEWS
Share on FacebookShare on Twitter

মোবাইলত ঠাহ খাই থকা চীনৰ এপ সমূহ যদি আপুনি থকাটো পছন্দ কৰা নাই তেতিয়াহ’লে তাক অঁতৰোৱাৰ বাবে আহিছে ৰিম’ভ চাইনা এপছ (Remove China Apps)।

মুহূৰ্তৰ ভিতৰতে সকলো চীনৰ এপ বিচাৰি উলিয়াব এই এপটোৱে। এই এপটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

ইচ্ছা কৰিলে আপুনিও ‘চীনা সামগ্ৰী বৰ্জন’ৰ এই অভিযানত যোগ দিব পাৰে।

লকডাউনৰ সময়ছোৱাত চীনে বিশ্ব অৰ্থনীতিত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ লক্ষ্যৰে অভিসন্ধিত নামি পৰিছে।

এটাৰ পাছত আন এটা কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰি অৰ্থনৈতিক দমন অব্যাহত ৰখাৰ চেষ্টা চলাই গৈছে।

ইয়াৰ মাজতে আকৌ ভাৰতৰ সীমান্তত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছে চীনে।

চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে তথা ইয়াৰ গোপন অভিসন্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মেগছেছ বঁটা বিজয়ী লাডাখৰ শিক্ষক চোনম ৱাংচুক।

তেওঁ চীনৰ সামগ্ৰী বৰ্জনৰ বাবে জনোৱা আহ্বানে ছচিয়েল মিডিয়াত ব্যাপক সমৰ্থনো লাভ কৰিছে।

সেইদৰে চীনে বনোৱা ছচিয়েল মিডিয়া এপসমূহো মোবাইলৰ পৰা অঁতৰাই পেলোৱাৰ আহ্বান জনায় ৱাংচুকে।

ৱাংচুকৰ আহ্বানৰ পাছতে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে এই ৰিম’ভ চাইনা এপছে।

যোৱা ১৭ মে’ত গুগল প্লে’ ষ্ট’ৰত আহে এই এপটো। এতিয়ালৈকে ৫০ লাখতকৈয়ো অধিক লোকে এই এপটো ডাউনলোড কৰিছে।

প্ৰধানকৈ শিক্ষাক্ষেত্ৰত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা এপটোৰ বৰ্তমান ব্যৱহাৰৰ দিশ সলনি হৈ পৰিছে।

এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব তাৰ প্ৰক্ৰিয়াটো হ’ল এনেধৰণৰঃ

গুগল এপত গৈ প্ৰথমতে Remove China Appsলিখি চাৰ্চ কৰক। ডাউনলোড হোৱাৰ পাছত ইয়াক অ’পেন কৰক। ইয়াত চাইন আপ কৰাৰ প্ৰয়োজন নাই।

ইয়াৰ পাছত স্ক্ৰীণত দেখা দিয়া স্কেন অপশ্যনটো ক্লিক কৰিলেই আপোনাৰ মোবাইলত থকা সকলোবোৰ চীনৰ এপ চিনাক্ত কৰি দিব।

এই এপসমূহ চিনাক্ত হোৱাৰ পাছত আপুনি মন গ’লেই সেইবোৰ আন ইনষ্টল কৰি দিব পাৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd