অসম-ত্ৰিপুৰা গেইটৰ পৰা প্ৰায় ৫২০ কিলোগ্ৰাম গাঞ্জা জব্দ

এটা উল্লেখযোগ্য সফলতাত অসম আৰক্ষীৰ অভিযানকাৰী দলে যোৱা নিশা অসম-ত্ৰিপুৰা গেইটৰ পৰা প্ৰায় ৫২০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। ত্ৰিপুৰাৰ পৰা অহা এখন ট্ৰাকত এই গাঞ্জাখিনি উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে চুৰাইবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুপ্ৰিয় ভট্টাচাৰ্য্যৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে NL-01-K4344 নম্বৰৰ এখন বাৰচকীয়া ট্ৰাকত চলোৱা অতৰ্কিত তালাচীৰ সময়ত এই চোৰাং গাঞ্জাখিনি ধৰা পেলায়।

উল্লেখযোগ্য যে যোৱা কেইমাহ মানত ৰাজ্যখনত কেইবা ঠাইতো বৃহৎ পৰিমাণে গাঞ্জা ধৰা পৰিছে। যোৱা নিশাও ইমান বৃহৎ পৰিমাণৰ গাঞ্জা ধৰা পৰাটোৱে গাঞ্জাৰ সৰবৰাহ যে ৰাজ্যখনলৈ ব্যাপক হাৰত হ’বলৈ ধৰিছে সেই কথাই প্ৰতীয়মান কৰায়। নিচেই কমেও ৪৮ টা বেগত এই গাঞ্জাখিনি অনা হৈছিল আৰু ইয়াৰ মূল্য চোৰাং বজাৰত ২০-৩০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

এই সন্দৰ্ভত এই পৰ্য্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে।

আনহাতে এই ধৰা পৰা গাঞ্জাৰ সৰহভাগেই চোৰাং কাৰবাৰীয়ে ত্ৰিপুৰাৰ পৰা সৰবৰাহ কৰাটো প্ৰমাণিত হৈছে। গাঞ্জাৰ চোৰাং কাৰবাৰীসকলে তেওঁলোকৰ কাম-কাজৰ নাভিকেন্দ্ৰ মণিপুৰৰ পৰা ত্ৰিপুৰালৈ স্থানান্তৰ কৰা বুলি ইতিপূৰ্বে  ne now.in ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল। আৰক্ষী আৰু আবকাৰী বিভাগ তথা বন বিভাগৰ নিৰক্ষীণ ব্যৱস্থাক ফাঁকি দি ত্ৰিপুৰাৰ বনাঞ্চলত ৰবৰ খেতিৰ মাজে মাজে গাঞ্জাৰ খেতি কৰাৰ কথা এই প্ৰতিবেদনত ত্ৰিপুৰাৰ পৰাই বিহাৰ, উত্তৰ প্ৰদেশ, বাংলাদেশলৈ আৰু লগতে চুবুৰীয়া ৰাজ্যকেইখনলৈ ব্যাপক হাৰত গাঞ্জা সৰবৰাহ হৈ আছে বুলি এক অনুসন্ধানৰ পৰা জানিব পৰা গৈছে।

যোৱা নিশাৰ ঘটনাটোৰ পাছত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই চোৰাং গাঞ্জাৰ সৰবৰাহ চক্ৰটোৰ নেটৱৰ্ক বহু দূৰলৈকে বিস্তাৰিত হৈ আছে। ত্ৰিপুৰা পুলিচে এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও জুৰি আছে বুলিও তেওঁলোকে অভিযোগ কৰে।

এই সম্পৰ্কীয় অন্য প্ৰতিবেদনৰ বাবে তলৰ লিংকটোত ক্লিক কৰক