NORTHEAST NOW (Assamese)

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীত চি এন জি আৰু বৈদ্যুতিক সেউজ বাছৰ যান-বাহন আইন ভংগৰ ঘটনা বৃদ্ধি পোৱাৰ পাছতেই কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। পথ সুৰক্ষা আৰু যাত্ৰীৰ সুবিধাৰ কথা লক্ষ্য কৰি এতিয়াৰ পৰা নিয়ম ভংগ কৰা সেউজ বাছক সাত দিনৰ বাবে পথৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

জিলা প্ৰশাসনে জনোৱা মতে, গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে বহু অভিযোগ লাভ কৰা হৈছে। বিশেষকৈ নিৰ্ধাৰিত পথ এৰি অন্য পথেৰে চলাচল কৰা, যান-বাহন নিয়ম ভংগ কৰা আৰু যাত্ৰীৰ অসুবিধা সৃষ্টি কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে পৰিবহন বিভাগে ৬৩ গৰাকী সেউজ বাছ চালকৰ লাইচেন্স বাতিল কৰিছে।

মঙলবাৰে এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে কয় যে জনসাধাৰণে উত্থাপন কৰা সমস্যাসমূহ প্ৰশাসনে গুৰুত্বসহকাৰে লৈছে। ইতিমধ্যে তিনিটা গুৰুত্বপূর্ণ দিশত মৌখিক নিৰ্দেশনা দিয়া হৈছে আৰু শীঘ্ৰে আঞ্চলিক পৰিবহন কৰ্তৃপক্ষৰ জৰিয়তে এই নিৰ্দেশনা আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হ’ব।

জিলা আয়ুক্তগৰাকীয়ে কয় যে বহু সেউজ বাছে নিজৰ নিৰ্ধাৰিত পথ মানি নচলি অন্য পথেৰে চলাচল কৰা দেখা গৈছে। ইয়াৰ ফলত সাধাৰণ যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে। এতিয়াৰ পৰা পথ ভংগৰ একোটা অভিযোগ পালেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চালক আৰু কণ্ডাক্টৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে সংশ্লিষ্ট বাছখনো সাত দিনৰ বাবে চলাচলৰ পৰা বন্ধ কৰা হ’ব।

স্বপ্নীল পালে লগতে পৰিবহন বিভাগক গুৱাহাটীৰ সকলো নিৰ্ধাৰিত পথত সেউজ বাছসমূহ সমানে চলাচল কৰাবলৈ নিৰ্দেশ দিছে। তেওঁৰ মতে, কিছুমান পথত অত্যধিক বাছ চলাৰ বিপৰীতে কিছুমান পথত পৰ্যাপ্ত বাছ নথকাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে গুৱাহাটীৰ ১৬-১৭টা নিৰ্ধাৰিত পথত সেউজ বাছসমূহ সুষমভাৱে চলাচল কৰাটো নিশ্চিত কৰিবলৈ পৰিবহন বিভাগক কোৱা হৈছে।

ইফালে গুৱাহাটী আৰক্ষীৰ যান বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই কয় যে শৃংখলাভংগৰ অভিযোগত এতিয়ালৈকে ৬৩ গৰাকী সেউজ বাছ চালকৰ লাইচেন্স বাতিল কৰা হৈছে। জিলা আয়ুক্তই এতিয়া চালক-কণ্ডাক্টৰৰ বিৰুদ্ধে ব্যৱস্থাৰ লগতে নিয়ম ভংগ কৰা বাছখনো সাত দিনৰ বাবে পথৰ পৰা আঁতৰাই ৰখাৰ নিৰ্দেশ দিছে।

বিষয়া গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সেউজ বাছসমূহে সদায় বাওঁ লেনত চলিব লাগিব। সন্মুখৰ বাছখন ৰৈ থাকিলেও পিছফালৰ বাছে সোঁ লেনলৈ গৈ অভাৰটেক কৰিব নোৱাৰিব। এনে কৰিলে সংশ্লিষ্ট বাছখন সাত দিনৰ বাবে চলাচলৰ পৰা বন্ধ কৰা হ’ব।

প্ৰশাসনে কয় যে এই কঠোৰ পদক্ষেপৰ মূল উদ্দেশ্য হৈছে গুৱাহাটীৰ পথত শৃংখলা বজাই ৰখা, যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাক অধিক নিয়মীয়া আৰু সুবিধাজনক কৰি তোলা।

Related News