NORTHEAST NOW (Assamese)

মৰ্মান্তিক! ঘৰৰ ওপৰত গছ পৰি শুই থকা অৱস্থাতে মৃত্যু ৬৫ বছৰীয়া ব্যক্তিৰ

June 15, 2023 1:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 15, 2023 1:04 pm

বৰপেটাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। নিজৰ ঘৰৰ ভিতৰত শুই থকা অৱস্থাত ঘৰৰ ওপৰত এজোপা প্ৰকাণ্ড গছ পৰি মৃত্যুক সাৱটি ল’লে এগৰাকী ৬৫ বছৰীয়া বৃদ্ধই। 

জানিব পৰা মতে, মৃত ব্যক্তিজন বৰপেটাৰ শংকৰদেৱ পথৰ গৌতম দাস।

গৌতম দাসৰ মৃত্যুৱে এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ইফালে, গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ পৰা পাঁচ দিনলৈ অসমত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। 

কেন্দ্ৰটোৱে বুধবাৰে সন্ধিয়া এক বিশেষ বতৰ বুলেটিন জাৰি কৰে। 

 আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। আনহাতে কিছুমান ঠাইত অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Related News