শিক্ষা দপ্তৰৰ প্ৰতিবেদনত উন্মোচিত দেশৰ শিক্ষাখণ্ডৰ পয়ালগা স্বৰূপ
নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশৰ শিক্ষাখণ্ডৰ যথেষ্ট উন্নতি হোৱা বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে যদিও এই ক্ষেত্ৰত পিছে চৰকাৰৰ সকলো দাবী যে শুদ্ধ নহয় সেয়া প্ৰমাণ হৈছে খোদ কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ এক প্ৰতিবেদনৰ পৰাই। কোভিডৰ সময়ত চৰকাৰে অন শিক্ষা প্ৰদান কৰা বুলি কৈছিল যদিও সেই সময়ত ২০২১-২২ শিক্ষাবৰ্ষত দেশৰ ৬৬ শতাংশ বিদ্যালয়তে নাছিল কোনো ইণ্টাৰনেটৰ সেৱা।
তদুপৰি ১২.৭ শতাংশ বিদ্যালয়ত নাই কোনো পুথিভঁৰাল। মাত্ৰ ২.২ শতাংশ বিদ্যালয়তহে ডিজিটেল পুথিভঁৰাল আছে। দেশৰ ১০.৬ শতাংশ বিদ্যালয়ত নাই বিদ্যুতৰ কোনো সুবিধা । ২৩.০৪ শতাংশ বিদ্যালয়ত খেলপথাৰ নাই। মাত্ৰ ২৬.৯৬ শতাংশ বিদ্যালয়ত শিশুসকলৰ বাবে উপযুক্ত শৌচালয় আছে।দেশৰ মাত্ৰ ১৪.৯ শতাংশ বিদ্যালয়তহে এনে ব্যৱস্থা আছে।
দেশৰ ১৪ লাখ ৮৯ হাজাৰ ১১৫ খন বিদ্যালয়ৰ ভিতৰত মাত্ৰ ৬ লাখ ৮২ হাজাৰ ৫৬৬ খন বিদ্যালয়ত কম্পিউটাৰ আছে। আৰু ইণ্টাৰনেট সেৱা উপলব্ধ বিদ্যালয়ৰ সংখ্যা ৫ লাখ ৪ হাজাৰ ৯৮৯ খন ।