দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Deaths In Police Custody

বিগত পাঁচটা বছৰত সমগ্ৰ দেশতে আৰক্ষীৰ জিম্মাত ৬৬৯ গৰাকী ব্যক্তিৰ মৃত্যুৰ গোচৰ পঞ্জীয়ন হৈছে। বুধবাৰে ৰাজ্যসভাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই তথ্য সদৰী কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৭ চনৰ ১ এপ্ৰিলৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈ এই পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মুঠ ৬৬৯ গৰাকী লোকৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰদান কৰা তথ্যৰ উদ্ধৃতি দি লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত এই তথ্য দাঙি ধৰে। ৰায়ে দিয়া তথ্য মতে ২০২১-২০২২ বৰ্ষত আৰক্ষীৰ জিম্মাত মুঠ ১৭৫টা মৃত্যুৰ গোচৰ ৰুজু হৈছে।

সেইদৰে ২০২০-২০২১ বৰ্ষত ১০০টা, ২০১৯-২০২১ বৰ্ষত ১১২টা, ২০১৮-২০১৯ বৰ্ষত ১৩৬টা আৰু ২০১৭-২০১৮ বৰ্ষত ১৪৬টা মৃত্যুৰ গোচৰ ৰুজু হৈছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

মানৱ অধিকাৰ আয়োগে প্ৰদান কৰা তথ্য অনুসৰি এইদৰে ২০১৭ চনৰ ১ এপ্ৰিলৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈকে আৰক্ষীৰ জিম্মাত মৃত্যুৰ ২০১টা গোচৰত ৫,৮০,৭৪,৯৯৮ টকাৰ আৰ্থিক সাহায্য আৰু এটা গোচৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে।

মন্ত্ৰীগৰাকীয়ে অৱশ্যে ভাৰতৰ সংবিধানৰ সপ্তম সূচী অনুসৰি আৰক্ষী আৰু নিয়ম-শৃংখলা বিষয় ৰাজ্যিক কৰ্তৃত্বৰ অন্তৰ্গত বুলি স্পষ্ট কৰি দিয়ে। মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিত কৰাটো প্ৰধানকৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ দায়িত্ব বুলিও তেওঁ কয়।

অৱশ্যে ৰায়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে পৰামৰ্শ জাৰি কৰে আৰু লগতে মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩ প্ৰণয়ন কৰিছে। এই আইনত প্ৰশাসনীয় বিষয়াৰ দ্বাৰা মানৱ অধিকাৰ উলংঘনৰ ওপৰত চকু ৰাখিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠনৰ নিয়ম আছে বুলি তেওঁ সোঁৱৰাই দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ লাভ কৰে, তেতিয়া ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ অধীনত নিৰ্ধাৰিত বিধান অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে।

মানৱ অধিকাৰ আৰু বিশেষকৈ জিম্মাত থকা ব্যক্তিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক সংবেদনশীল কৰাৰ বাবে মানৱ অধিকাৰ আয়োগে সময়ে সময়ে কৰ্মশালা আৰু আলোচনা চক্ৰৰ আয়োজন কৰে বুলি তেওঁ নিজ ভাষণত লগতে কয়।