NORTHEAST NOW (Assamese)

যোৱা ২৪ ঘণ্টাত ভাৰতৰ ৬৬,৯৯৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত, ৯৪২ গৰাকীৰ মৃত্যু

August 13, 2020 12:04 pm · এন ই নাও নিউজ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৬৬,৯৯৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৪২ গৰাকী ৰোগী।

সংক্ৰমণৰ দিশৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২৪ লাখ অতিক্ৰম কৰাৰ লগতে ৪৭,০৩৩ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্য যে দেশত এতিয়া ৬,৫৩,৬২২ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৬,৯৫,৯৮২ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

আনহাতে বিগত ২৪ ঘণ্টাত দেশত ৫৬ হাজাৰ লোক ক’ৰ’না মুক্ত হৈছে।

দেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰো ৭০.৬৮ শতাংশলৈ বৃদ্ধি পায়।

Related News