দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত। অসমতো পাঁচটা সমষ্টি ক্ৰমে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হয় ভোটগ্ৰহণ।
আমাৰ হাতত আহি পৰা তথ্য অনুসৰি পাঁচোটা সমষ্টিতে বিয়লি ৫ বজালৈকে ৬৭.৪ শতাংশ ভোটাৰে ভোটদান কৰিলে। পাঁচোটা সমষ্টিৰে সৰ্বমুঠ ভোটাৰ ৭৬,০৩,৪৫৮ গৰাকী। সৰ্বমুঠ ভোটাৰৰ ৫১,২৪,৭৩১গৰাকী ভোটাৰে বিয়লি ৫ বজালৈকে ভোটদান সাব্যস্ত কৰিলে।
ইপিনে, ৯ নং তেজপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৪,৯৪,৮৭৮ গৰাকী। ইয়াৰে ৭০ শতাংশ ভোটাৰে ভোটদান কৰিলে। সংখ্যা হিচাপত মুঠ ১০,৪৬,৪১৫ গৰাকী ভোটাৰে উক্ত সমষ্টিত ভোটদান কৰিলে। সমষ্টিটোৰ ১৮৮০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,৩১,৬১০ গৰাকী। ইয়াৰে ৬৪ শতাংশ ভোটাৰে ভোটদান কৰিলে সংখ্যা হিচাপত উক্ত সমষ্টিত মুঠ ১১০৮২৩০ গৰাকী ভোটাৰে ভোটদান কৰিলে। সমষ্টিটোৰ ২১৭৪ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
১২ নং যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৩,৬০,৩২৮ গৰাকী। ইয়াৰে ৭২ শতাংশ ভোটাৰে ৫ বজালৈকে ভোটদান কৰিলে। সংখ্যা হিচাপত প্ৰায় ৯৭৯৪৩৬ গৰাকী ভোটাৰে সমষ্টিটোত ভোটদান কৰিলে। সমষ্টিটোৰ ১৭৫৩ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
ইয়াৰোপৰি, ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিটোত মুঠ ভোটাৰ ১৩,১২,১৯৫ গৰাকী। এই সংখ্যাৰ মুঠ ৬৯ শতাংশ ভোটাৰে ভোটদান কৰিলে সমষ্টিটোত। সংখ্যা হিচাপত প্ৰায় ৯০৫৪১৪ গৰাকী ভোটাৰে সমষ্টিটোত ভোটাধিকাৰ সাব্যস্ত কৰিলে। সমষ্টিটোৰ মুঠ ১৬৫৭ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
আনহাতে, লখিমমপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭,০৪,৪৪৭ গৰাকী। এই সংখ্যাৰ মুঠ ৬২ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে সমষ্টিটোত। সংখ্যা হিচাপত মুঠ ১০৫৬৭৫৭গৰাকী ভোটাৰে সমষ্টিটোত ভোটাধিকাৰ সাব্যস্ত কৰিলে। সমষ্টিটোৰ মুঠ ২১১০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
মন কৰিবলগীয়া যে, বিগত লোকসভা নিৰ্বাচনত মুঠ ৭৮.৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। এইবাৰ কিছু পৰিমাণে এই হাৰ কমা পৰিলক্ষিত হৈছে। অৱশ্যে, বৰ্তমানো ৰাজ্যৰ কিছুসংখ্যক ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি থকা বুলি জানিবলৈ দিয়ে অসমৰ নিৰ্বাচন আয়োগে। ভোটদানৰ হাৰ কিছু পৰিমাণে বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে।