NORTHEAST NOW (Assamese)

দেশৰ গ্ৰামাঞ্চলৰ ৬৯.৪ শতাংশ লোকেই কোভিডত আক্ৰান্ত: আই চি এম আৰ

September 11, 2020 2:27 pm · এন ই নাও নিউজ

দেশৰ গ্ৰামাঞ্চলৰ ৬৯.৪ শতাংশ লোক কোভিডত আক্ৰান্ত হৈছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে প্ৰকাশ কৰা ছেৰ’ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

ইপিনে সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৪৫ লাখৰ ঘৰ।

বিগত ২৪ ঘণ্টাত দেশক ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৯৬,৫৫১ গৰাকী লোক।

এদিনতে ইমান বেছি সংখ্যক লোক কোভিডত আক্ৰান্ত হোৱাৰ দিশৰ পৰা  এতিয়া ভাৰতে দ্বিতীয় স্থানত থকা ব্ৰাজিলক চেৰ পেলাই সেই স্থান দখল কৰিছে।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

ঘণ্টাক ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে ১,২০৯ গৰাকী লোকে।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

দেশত  এতিয়া ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৪৫ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৪৫,৬২,৪১৫ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৭৬,২৭১ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৩৫,৪২,৬৬৪ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশত এতিয়ালৈকে মুঠ ৪,৯৫,৫১,৫০৭ টা পৰীক্ষা সম্পন্ন কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

ক’ৰ’ণাৰ পৰা আৰোগ্য হোৱা ৰোগীৰ শতাংশ হাৰ হৈছে ৭৭.৩০ আৰু মৃত্যু ঘটা ৰোগীৰ শতাংশ হাৰ হৈছে ১.৭০।

 

Related News