• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অৰাজনৈতিক’ আছু,এজেৱাইচিপিৰ আশীৰ্বাদেৰে অসমত জাতীয়তাবাদী নতুন আঞ্চলিক দল

পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত আছে কি কি কথা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2020 3:02 pm
aasu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অৰাজনৈতিক ভাবে কাম কাজ আগুৱাই নিছে যদিও তেওঁলোকৰ আশীৰ্বাদতে ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল।

আজি হোটেল প্ৰাগ কন্টিনেন্টেলত ৰাজনৈতিক দল গঠনৰ পূৰ্ণাংগ কমিটি গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে আছু আৰু এজেৱাইছিপিৰ নেতৃত্বই।

Apply Now

উক্ত সংবাদমেলতে ৰাজনৈতিক দল গঠনৰ  পৰামৰ্শদাতা কমিটিৰ সিদ্ধান্তৰ প্ৰতিবেদন অৰ্পণ কৰা হয়  মুখ্য আহ্বায়ক ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য্য আৰু  বসন্ত ডেকাক।

সংবাদমেলত আছুৰ সভাপতি দীপাংক নাথে জানিবলৈ দিয়া অনুসৰি এটা পূৰ্ণাংগ  ৰাজনৈতিক দল গঠনৰ সকলো সিদ্ধান্ত লব ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই।

অৱশ্যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি সেইমতে  কাম কাজ আগুৱাই নিব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, আজিৰে পৰাই ৰাজনৈতিক দল গঠনৰ পূৰ্ণাংগ কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল বুলি দীপাংক নাথে জানিবলৈ দিয়ে।

উক্ত সংবাদমেলত পৰামৰ্শদাতা সমিতিৰ  ৰাজনৈতিক দিশসমূহ উল্লেখ কৰে দীপাংক নাথে।

তেওঁ জনোৱা অনুসৰি সাম্প্ৰতিক সময়ৰ সংকট সমাধানৰ লক্ষ্যৰে এই ৰাজনৈতিক দল গঠন হ’ব। প্ৰগতিশীল আঞ্চলিক ৰাজনীতিত গুৰুত্ব প্ৰদান কৰিছে এই পৰামৰ্শদাতা কমিটিয়ে।

ইয়াৰোপৰি, পূৰ্বৰ  আঞ্চলিক দলৰ প্ৰতি মোহভংগ হোৱা অসমৰ জনসাধাৰণৰ বাবে নতুন আঞ্চলিক দল গঠন কৰা হৈছে বুলি দীপাংক নাথে জনায়।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় আৰু সহযোগত নতুন ৰাজনৈতিক দল গঠন কৰা হব বুলিও তেওঁ মন্তব্য কৰে।

‘অসম চুক্তিৰ  আসোঁৱাহসমূহ দূৰ কৰাৰ লক্ষ্য থাকিব নতুন আঞ্চলিকতাবাদী দলৰ।নতুন দলৰ কাম কাজৰ মূলমন্ত্ৰ “অসম প্ৰথম , সদায় আৰু চিৰদিন’’ হ’ব বুলি দীপাংক নাথে সংবাদমেলত কয়।

ইপিনে, অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰতে দলৰ নাম ৰাজহুৱা কৰা হ’ব বুলি  জানিবলৈ দি তেওঁ কয় ‘১৫ ছেপ্তেম্বৰৰ ভিতৰত আহ্বায়কদ্বয়ে ঘোষণা কৰিব পূৰ্ণাংগ আহ্বায়ক কমিটি।‘

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় ‘কা বিৰোধী আন্দোলনৰ সময়তে আৰ্থ -সামাজিক আৰু ৰাজনৈতিক দিশটো সৱল কৰিবলৈ ৰাজনৈতিক বিকল্পৰ কথা চৰ্চা হৈছিল। পৰামৰ্শদাতা কমিটিয়ে কৈছে তৃতীয় বিকল্প ৰাজনৈতিক শক্তিয়েহে প্ৰকৃতাৰ্থত অসমৰ জাতীয় সমস্যা বা অমীমাংসিত সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব পাৰিব’।

সংবাদমেলত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় ‘বিগত সময়ছোৱাত ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ যোগেদি অসমৰ জাতীয় স্বাৰ্থক জলাঞ্জলি দিয়া হৈছে। ক্ষমতাকেন্দ্ৰিক আপোচকামী দৰ্শনৰ বিপৰীতে অসমৰ জনসাধাৰণক প্ৰগতিশীল ৰাজনৈতিক দিশত আগবঢ়াই লৈ যোৱাৰ বাবে শক্তিশালী ৰূপত নতুন ৰাজনৈতিক দলটো গঢ় দিয়াৰ  পোষকতা কৰা হৈছে।‘

উল্লেখযোগ্য যে, ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে আছুৰ সাধাৰণ অধিৱেশনতে সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে নিজৰ দায়িত্বভাৰ অৰ্পন কৰিব। তাৰ পাছতেই প্ৰস্তাৱিত নতুন ৰাজনৈতিক দলৰ সৈতে তেওঁলোক দুয়ো চামিল হ’ব বুলি বহুলভাৱে চৰ্চিত হৈ আছে।

ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো এই ৰাজনৈতিক দলৰ সৈতে চামিল হ’ব বুলি  চৰ্চা চলিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd