DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘অৰাজনৈতিক’ আছু,এজেৱাইচিপিৰ আশীৰ্বাদেৰে অসমত জাতীয়তাবাদী নতুন আঞ্চলিক দল

পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত আছে কি কি কথা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2020 3:02 pm
aasu
606
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অৰাজনৈতিক ভাবে কাম কাজ আগুৱাই নিছে যদিও তেওঁলোকৰ আশীৰ্বাদতে ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল।

আজি হোটেল প্ৰাগ কন্টিনেন্টেলত ৰাজনৈতিক দল গঠনৰ পূৰ্ণাংগ কমিটি গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে আছু আৰু এজেৱাইছিপিৰ নেতৃত্বই।

উক্ত সংবাদমেলতে ৰাজনৈতিক দল গঠনৰ  পৰামৰ্শদাতা কমিটিৰ সিদ্ধান্তৰ প্ৰতিবেদন অৰ্পণ কৰা হয়  মুখ্য আহ্বায়ক ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য্য আৰু  বসন্ত ডেকাক।

সংবাদমেলত আছুৰ সভাপতি দীপাংক নাথে জানিবলৈ দিয়া অনুসৰি এটা পূৰ্ণাংগ  ৰাজনৈতিক দল গঠনৰ সকলো সিদ্ধান্ত লব ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই।

অৱশ্যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি সেইমতে  কাম কাজ আগুৱাই নিব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, আজিৰে পৰাই ৰাজনৈতিক দল গঠনৰ পূৰ্ণাংগ কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল বুলি দীপাংক নাথে জানিবলৈ দিয়ে।

উক্ত সংবাদমেলত পৰামৰ্শদাতা সমিতিৰ  ৰাজনৈতিক দিশসমূহ উল্লেখ কৰে দীপাংক নাথে।

তেওঁ জনোৱা অনুসৰি সাম্প্ৰতিক সময়ৰ সংকট সমাধানৰ লক্ষ্যৰে এই ৰাজনৈতিক দল গঠন হ’ব। প্ৰগতিশীল আঞ্চলিক ৰাজনীতিত গুৰুত্ব প্ৰদান কৰিছে এই পৰামৰ্শদাতা কমিটিয়ে।

ইয়াৰোপৰি, পূৰ্বৰ  আঞ্চলিক দলৰ প্ৰতি মোহভংগ হোৱা অসমৰ জনসাধাৰণৰ বাবে নতুন আঞ্চলিক দল গঠন কৰা হৈছে বুলি দীপাংক নাথে জনায়।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় আৰু সহযোগত নতুন ৰাজনৈতিক দল গঠন কৰা হব বুলিও তেওঁ মন্তব্য কৰে।

‘অসম চুক্তিৰ  আসোঁৱাহসমূহ দূৰ কৰাৰ লক্ষ্য থাকিব নতুন আঞ্চলিকতাবাদী দলৰ।নতুন দলৰ কাম কাজৰ মূলমন্ত্ৰ “অসম প্ৰথম , সদায় আৰু চিৰদিন’’ হ’ব বুলি দীপাংক নাথে সংবাদমেলত কয়।

ইপিনে, অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰতে দলৰ নাম ৰাজহুৱা কৰা হ’ব বুলি  জানিবলৈ দি তেওঁ কয় ‘১৫ ছেপ্তেম্বৰৰ ভিতৰত আহ্বায়কদ্বয়ে ঘোষণা কৰিব পূৰ্ণাংগ আহ্বায়ক কমিটি।‘

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় ‘কা বিৰোধী আন্দোলনৰ সময়তে আৰ্থ -সামাজিক আৰু ৰাজনৈতিক দিশটো সৱল কৰিবলৈ ৰাজনৈতিক বিকল্পৰ কথা চৰ্চা হৈছিল। পৰামৰ্শদাতা কমিটিয়ে কৈছে তৃতীয় বিকল্প ৰাজনৈতিক শক্তিয়েহে প্ৰকৃতাৰ্থত অসমৰ জাতীয় সমস্যা বা অমীমাংসিত সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব পাৰিব’।

সংবাদমেলত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় ‘বিগত সময়ছোৱাত ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ যোগেদি অসমৰ জাতীয় স্বাৰ্থক জলাঞ্জলি দিয়া হৈছে। ক্ষমতাকেন্দ্ৰিক আপোচকামী দৰ্শনৰ বিপৰীতে অসমৰ জনসাধাৰণক প্ৰগতিশীল ৰাজনৈতিক দিশত আগবঢ়াই লৈ যোৱাৰ বাবে শক্তিশালী ৰূপত নতুন ৰাজনৈতিক দলটো গঢ় দিয়াৰ  পোষকতা কৰা হৈছে।‘

উল্লেখযোগ্য যে, ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে আছুৰ সাধাৰণ অধিৱেশনতে সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে নিজৰ দায়িত্বভাৰ অৰ্পন কৰিব। তাৰ পাছতেই প্ৰস্তাৱিত নতুন ৰাজনৈতিক দলৰ সৈতে তেওঁলোক দুয়ো চামিল হ’ব বুলি বহুলভাৱে চৰ্চিত হৈ আছে।

ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো এই ৰাজনৈতিক দলৰ সৈতে চামিল হ’ব বুলি  চৰ্চা চলিছে।

Recent News

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd