NORTHEAST NOW (Assamese)
অসম

মজুৰি বৃদ্ধিৰ লগতে প্ৰাপ্য সা সুবিধা প্ৰদানৰ দাবীত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 1:59 pm

দৈনিক মজুৰি বৃদ্ধি কৰা, শ্ৰমিকৰ অনাদায় পি এফৰ ধন জমা কৰা, গ্ৰেচুইটিৰ ধন মোকলাই দিয়াকে ধৰি প্ৰাপ্য সা সুবিধা প্ৰদানৰ দাবীত আজি মৰিয়নিৰ চেলেং চাহ বাগিছাৰ শ্ৰমিকসকলে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে।

আটছাৰ চেলেংহাট উপ শাখাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীটোত শ্ৰমিক সকলে বাগিচাৰ কলঘৰ ঘেৰাও পৰিৱেশ উত্তপ্ত কৰি তোলে।

বাগিচাখনৰ শ্ৰমিকসকলক বাগিছা কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত কৰি অহাত শ্ৰমিকসকল গভীৰ সমস্যাত ভুগিছে বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে।

শ্ৰমিক সকলৰ সমস্যা সমাধানত মালিক পক্ষই অলপো গুৰুত্ব প্ৰদান নকৰে বুলি অভিযোগ উত্থাপন কৰিছে।

এইবোৰ কাৰণতেই আজি আটছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বাগিচাৰ কাম-কাজ অচল কৰি তোলে।

পৰিৱেশ উত্তপ্ত হৈ উঠাত প্ৰশাসনৰ লোক আহি প্ৰতিবাদী কাৰ্যসূচীটো নিয়ন্ত্ৰণ কৰে।

প্ৰশাসনৰ ভয় দেখুৱাই প্ৰতিবাদ স্তিমিত কৰিলেও শ্ৰমিকসকলৰ সমস্যা যদি অতি শীঘ্ৰে সমাধান নকৰে তেন্তে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে।