NORTHEAST NOW (Assamese)

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

July 4, 2025 7:45 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 4, 2025 7:22 pm

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে কয় যে ৰাজ্যত শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত প্ৰায় ৬৯ জন লোকৰ মৃত্যু হৈছে।

মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি এতিয়ালৈকে ৩৭ জন লোকৰ মৃত্যু হৈছে, ১১০ জন লোক আহত হৈছে আৰু প্ৰায় ৭০০ কোটি টকাৰ লোকচান হৈছে।

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সুখৱিন্দৰ সিং সুখুৱে কয় যে, “প্ৰবল বৰষুণৰ বাবে পথ আৰু পানীৰ প্ৰকল্পৰ আটাইতকৈ বেছি ক্ষতি হৈছে।”

লগতে তেওঁ কয় যে বিদ্যুতৰ তাঁৰ আৰু খুঁটা উভালি পেলোৱাৰ ফলত যথেষ্ট ক্ষতি হৈছে।

তেওঁ জনাইছে যে, “মই এই দুৰ্যোগ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতিছো আৰু গৃহমন্ত্ৰীয়ে আমাক সম্পূৰ্ণ সহায় আগবঢ়াব বুলি কৈছে আৰু আজি এটা কেন্দ্ৰীয় দলো হিমাচল প্ৰদেশলৈ আহি ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ আহিছে।”

তেওঁ কয়, “দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে হিমাচল প্ৰদেশ চৰকাৰ থিয় দিছে। আমি সিদ্ধান্ত লৈছো যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ভাড়াঘৰত বাস কৰাৰ বাবে ৫ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব।”

গৃহমন্ত্ৰী অমিত শ্বাহে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত গুজৰাট, হিমাচল প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিছো।তেওঁ লিখিছে, “এই ৰাজ্যসমূহত আৰ্তজনক সহায় কৰিবলৈ পৰ্যাপ্ত এনডিআৰএফ দল নিয়োগ কৰা হৈছে, আৰু প্ৰয়োজন হ’লে অধিক দল প্ৰেৰণ কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰে সকলো সম্ভাৱ্য সহায়ৰ আশ্বাস দিছে।”

Related News