NORTHEAST NOW (Assamese)

শিলিগুৰিত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ১৬০ খন সোণৰ বিস্কুট

May 29, 2019 7:54 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চলিত বৰ্ষত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা বিপুল মাত্ৰাত বিদেশী উৎসৰ চোৰাং সোণ ধৰা পৰাটো যেন সাধাৰণ ঘটনা হৈ পৰিছে। উক্ত ৰাজ্যকেইখনৰ শুল্ক চোৰাংচোৱা বিভাগ আৰু আৰক্ষীৰ হাতত বিভিন্ন সময়ত জব্দ হৈ আহিছে চোৰাং সোণ।

শেহতীয়াভাৱে পশ্চিমবংগৰ ৰাজহ চোৰাংচোৱা বিভাগে শিলিগুৰিৰ সমীপৱৰ্তী এলেকাৰ পৰা ১৬০ খন সোণৰ বিস্কুট জব্দ কৰিছে। ইয়াৰ উপৰি চোৰাং সোণখিনিৰ সৈতে হাতে-লোতে ধৰা পৰে দুজন সৰবৰাহকাৰী।

জব্দ কৰা সোণখিনিৰ ওজন ১৭.৬ কি:গ্ৰা বুলি ৰাজহ চোৰাংচোৱা বিভাগটোৱে জনাইছে। এই চোৰাং সোণখিনিৰ মূল্য ৫.৭৭ কোটি টকা বুলি ঠাৱৰ কৰা হৈছে।

ইফালে আটকাধীন সৰবৰাহকাৰী দুজনে আৰক্ষীক জনোৱা অনুসৰি জব্দকৃত বৃহৎ পৰিমানৰ সোণখিনি ভাৰত-বাংলা সীমান্তৰ পৰা সৰবৰাহ কৰিছিল।

Related News