NORTHEAST NOW (Assamese)

উত্তৰ-পূব চীনত চুৰিকাঘাত; সাতগৰাকী ব্যক্তিৰ মৃত্যু, সাতগৰাকী আঘাতপ্ৰাপ্ত

December 27, 2020 5:16 pm · এন ই নাও নিউজ

উত্তৰ-পূব চীনত সংঘটিত হোৱা চুৰিকাঘাতত অতিকমেও সাতগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ লগতে অন্য সাত গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উত্তৰ-পূব চীনৰ কাইয়ুনান চহৰত থকা চুনা এণ্ড বাথহাউচৰ বাহিৰত এই চুৰিকাঘাতৰ ঘটনা সংঘটিত হয়।

চুৰিকাঘাত সংঘটিত কৰা ব্যক্তিগৰাকী য়াং উপাধিৰ এগৰাকী ব্যক্তি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

য়াঙক আটক কৰা হৈছে যদিও কি কাৰণত তেওঁ এনেধৰণৰ কাৰ্য্য সংঘটিত কৰিলে সেই সম্বন্ধে বৰ্তমানলৈ জানিব পৰা হোৱা নায়।

চীনৰ আইন মতে আগ্নেয়া অস্ত্ৰৰ বিক্ৰী আৰু ব্যাৱহাৰ সাধাৰণ লোকৰ দ্বাৰা নিষিদ্ধ সেইবাবে চীনত এনেধৰণৰ ঘটনা চুৰিৰে সংঘটিত কৰা হয়।

বিগত সময়ছোৱাত সংঘটিত এনে ঘটনাৰ সৈতে দোষী সাব্যস্ত হোৱা ব্যক্তি সকল মানসিকভাৱে ভাৰসাম্যহীন হোৱাৰ তথ্য পোৱা গৈছে।

ইয়াৰ পূৰ্বে চীনৰ এখন বিদ্যালয়ৰ চিকিউৰিটি গাৰ্ডে সংঘটিত কৰা চুৰিকাঘাত কাণ্ডত অতিকমেও ৩৯ গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

Related News