গোলাঘাটত ক’ভিডত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

doctors service

প্ৰতিনিধিত্বমূলক ফটো।

 গোলাঘাটত পুনৰ  দুজনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু। আজিলৈকে  মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি ।

গোলাঘাট জিলা ক’ভিড চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ  নিশা এজনৰ মৃত্যু হোৱা বিপৰীতে আজি পুৱা আন এজন ৰোগীৰ মৃত্যু হয়।

উল্লেখ্য যে গোলাঘাট জিলা কাজিৰঙা দ গাঁৱৰ তোলন গগৈ নামৰ ৩৫ বছৰীয় লোকজন  নিশা ১১.৫০ বজাত ক’ভিডত আক্ৰান্ত হোৱাত ক’ভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও ১:৪৫ বজাত লোকজনৰ মৃত্যু হয়।

আনহাতে আজি পুৱা গোলাঘাট লাইফ লাইন চিকিৎসালয় সমীপৰ নিবাসী ভৱেন্দ্ৰ শৰ্মা নামৰ  লোকজন পুৱা ক’ভিড চিকিৎসালয়ত মৃত্য হয়।

বৰ্তমান গোলাঘাটত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পোৱাৰ লগতে কালিলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ১২৩৫ জন হৈছে।