নাগৰিকত্ব বিধেয়ক : কাইলৈৰ পৰা ৭০টা সংগঠনৰ ব্যাপক আন্দোলন

আৰ এছ এছ কৰ্মীসকলক বিধেয়কখনৰ বিৰুদ্ধে মাত মতাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ৰাইজক আহ্বান অখিল গগৈৰ

KMSS and 70 Org

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০টা সংগঠনৰ প্ৰতিনিধিৰ সংবাদমেল। ২১ জানুৱাৰিত। ফটো : য়ু বি।

৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব লগীয়া ৰাজ্যসভাৰ অধিৱেশনৰ আগমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে চলা আন্দোলনখনক অধিক তীব্ৰতৰ কৰি তোলাৰ বাবে ৭০টা জাতীয়-জনগোষ্ঠীয় আৰু সামাজিক সংগঠনে কাইলৈৰ পৰা ব্যাপক আন্দোলন কাৰ্যসূচী হাতত লৈছে।

সোমবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে এখন সংবাদমেলযোগে এই কথা জানিবলৈ দিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সংবাদমেলত কাইলৈৰ পৰা হ’ব লগীয়া ৭০টা সংগঠনৰ হৈ এই কাৰ্যসূচীসমূহৰ বিষয়ে ঘোষণা কৰে।

কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিৰ পৰা ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাব।

ইয়াৰ সমান্তৰালভাৱে বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি তেওঁ প্ৰকাশ কৰে। সেই অনুসৰি ২৩ জানুৱাৰিৰ সন্ধিয়া ৫ বজাত গুৱাহাটীৰ লগতে ৰাজ্যৰ সকলো জিলা আৰু মহকুমা সদৰত ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে জোঁৰ সমদল কৰি বিধেয়ক বাতিলৰ দাবী জনাব। এই কাৰ্যসূচীত গুৱাহাটীত কেইবা হাজাৰ লোকে অংশ ল’ব বুলিও পলাশ চাংমায়ে জানিবলৈ দিয়ে।

২৭ জানুৱাৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনকেইটাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কৰিব। সেইদিনা পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই কাৰ্যসূচী চলিব বুলি সংবাদমেলত চাংমায়ে প্ৰকাশ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত ২৮ জানুৱাৰিৰ পুৱা ১০ বজাৰ পৰা ২৯ জানুৱাৰিলৈ ৭০টা সংগঠনে দিচপুৰ লাষ্টগেইটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। ২৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কাৰ্যসূচী হাতত লোৱাৰ কথাও ৭০টা সংগঠনৰ নেতৃবৰ্গই প্ৰকাশ কৰে।

অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত হ’ব লগীয়া এই কাৰ্যসূচী সমূহত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ পূৰ্ণ সহযোগ কৰাৰ বাবে ৭০টা সংগঠনৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে আহ্বান জনাইছে।

“কেৱল সংগঠনসমূহে আন্দোলন কৰি থাকিলেই নহ’ব। সমগ্ৰ ৰাইজ ওলাই আহিব লাগিব, তেতিয়াহে জাতি বাচিব। ৰাইজে এনে ধৰণেৰে আন্দোলন কৰক, যাতে আগন্তুক বাজেট অধিৱেশনৰ আৰম্ভণিতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিবলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়”, অখিল গগৈয়ে কয়।

তেওঁ লগতে অসমৰ গাঁৱে-ভূঞে থকা ৰাইজক নিজে উদ্যোগ লৈ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে বিজেপি আৰু আৰ এছ এছ কৰ্মীসকলক বিধেয়কখনৰ বিৰুদ্ধে মাত মতাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ অখিল গগৈয়ে ৰাইজলৈ আহ্বান জনায়।