• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত জোঁৰ লৈ প্ৰতিবাদ ৭০টা সংগঠনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 23, 2019 10:26 pm
KMSS and other 70 organigation activities taking out a torch light rally protest against citizenship amendment bill 2016 in Guwahati on 23-01-19.pix by UB Photos

৭০টা সংগঠনৰ বুধবাৰৰ জোঁৰ প্ৰতিবাদ। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ ‘বজ্ৰ নিনাদ’ৰ পাছতে সন্ধিয়া এক জোঁৰ প্ৰতিবাদ সাব্যস্ত কৰে ৭০টাকৈ সংগঠনে।

কেইবা হাজাৰো প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ গুৱাহাটী ক্লাবৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয়লৈ সমদল বাহিৰ কৰে।

জোঁৰ সমদলত অংশগ্ৰহণ কৰি সংগঠনৰ অন্যতম যুঁজাৰু– দি ফাইটাৰ্ছৰ সভানেত্ৰী জোনমণি খাউন্দে সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, ‘ইতিমধ্যে লোকসভাত পাছ হোৱা ৰাজ্যসভাৰ বাজেট অধিৱেশনত বিজেপিয়ে নাগৰিকত্ব বিধেয়কখন উত্থাপন কৰিব। প্ৰকৃততে এনেধৰণৰ বিল বাজেট অধিৱেশনৰ কালছোৱাত পাছ হোৱাৰ নিয়ম নাই। তথাপি বিজেপিয়ে বাজেট অধিৱেশনতে জোৰ-জৱৰদস্তি পাছ কৰিব বিচাৰিছে বিলখন।‘

তদুপৰি এনে কাৰ্য্যৰ জৰিয়তে বিজেপিয়ে গণতন্ত্ৰৰ সকলো নিয়মতে পদাঘাট কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, বিজেপি বহিঃৰাজ্যত নিৰ্য্যাতিত হৈ অহা সংখ্যালঘু লোকসকলৰ দুখৰ সমভাগী নহয় বুলি উল্লেখ কৰি খাউণ্ডে লগতে এয়া বিজেপিৰ ভোট লাভৰ অংক বুলি দাবী কৰে।

‘অসমৰ জনসাধাৰণে এই জাতিধ্বংসী বিলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি থাকিলেও বিজেপিৰ মূল এজেণ্ডা হৈছে যে বাঙালী লোকসকলৰ ভোট আদায় কৰা। বিজেপিয়ে ভাবে তেওঁলোকে বিলখন পাছ কৰিলে সকলো বাঙালী লোকে তেওঁলোকৰ সমৰ্থনত আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰিব,‘ মন্তব্য খাউণ্ডৰ।

আনহাতে, বিজেপিৰ এই এজেণ্ডাৰ বৰ্তমান প্ৰেক্ষাপটত ইতি পৰা বুলি দাবী কৰি খাউণ্ডে কয়, ‘বিলখনৰ বিৰুদ্ধে অসমত বাস কৰা প্ৰকৃত বাঙালী লোকসকল ইতিমধ্যে ওলাই আহিছে।’

খাউণ্ডৰ মতে, ‘বিলৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ সপোন ইতিমধ্যে ইতি পৰিছে।‘

আনহাতে, উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ঐক্য সেনা, অসমৰ সাধাৰণ সম্পাদক চহিদুল ইছলামে কয় যে অসমত দ্বিতীয় ত্ৰিপুৰা অথবা দ্বিতীয় কাশ্মীৰ হ’বলৈ কেতিয়াও দিয়া নহয়।

‘জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপিয়ে এতিয়া য়ু-টাৰ্ণ মাৰি বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াত উঠি-পৰি লাগিছে। যেনেকৈ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া অপ-শাসন ওফৰাই বিজেপিক অসমৰ জনসাধাৰণে আনিছিল, তেনেকৈ ২০১৯ আৰু ২০২১ত বিজেপিক ৰাইজে পুনৰ ওফৰাই পেলাব,‘ ইছলামে কয়।

ইয়াৰোপৰি বিজেপি চৰকাৰখনে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ বাবে উঠি-পৰি লগা বুলি সদৰী কৰি ইছলামে কয় যে বিজেপিয়ে এতিয়া হিন্দু-মুছলমানৰ মাজত ৰাজনীতি কৰি বিভেদ সৃষ্টি কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ঐক্য সেনা অসম আৰু যুঁজাৰু দি ফাইটাৰছকে ধৰি ৭০টাকৈ জাতীয় সংগঠনে ৰূপায়ণ কৰা জোৰ সমদল কাৰ্য্যসূচীত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আৰু নিৰ্য্যাতন বিৰোধী ঐক্য মঞ্চৰ সভানেত্ৰী সুমিত্ৰা হাজৰিকায়ো অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd