নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০টা সংগঠনৰ ধাৰাবাহিক আন্দোলন ঘোষণা

c85605d4-9b95-40a8-b649-de46da2c62d0

ফাইল ফটো

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত ৰাজ্যৰ ৭০টাকৈ জনগোষ্ঠীয় সংগঠন মিলিত হয়। জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প বৈঠকত মিলিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে     একত্ৰিত হোৱা সংগঠনকেইটাই ঐক্যবদ্ধ সংগ্ৰামৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ইয়াৰ পূৰ্বে ৰাজ্যৰ ৬০টা সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ একত্ৰিত হৈ প্ৰতিবাদ কৰিছিল। আনহাতে, শনিবাৰে আয়োজন কৰা বৈঠকত আৰু আন ১০টা সংগঠনে যোগ দিয়ে।

লক্ষ্যণীয়ভাৱে শনিবাৰৰ বৈঠকত ধলাত ৫জনকৈ নিৰীহৰ হত্যাকাণ্ডৰ তীব্ৰ বিৰোধিতা কৰা হয়।

আনহাতে, সংগঠনসমূহে বিধেয়কখন বাতিলৰ দাবীত অহা ১১ নৱেম্বৰত শদিয়াৰ পৰা দিছপুৰলৈ সংকল্প যাত্ৰা কৰিব। বৈঠকত একেলগে শদিয়া, ধুবুৰী, জোনাই আৰু ডিফুৰ পৰা চাৰিটা দিশেৰে চাৰিটা সংকল্প যাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেইদৰে অহা ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিধেয়কখন বাতিলৰ দাবীত গুৱাহাটীত এখন গণ সমাৱেশ অনুষ্ঠিত কৰিব। সমাৱেশত লক্ষাধিক লোকৰ যোগদান নিশ্চিত কৰাৰ সংকল্পও লোৱা হৈছে।

শনিবাৰৰ বৈঠকত অহা ৯ নৱেম্বৰৰ ভিতৰত ৭০টা জনগোষ্ঠীয় সংগঠনৰ জিলা সমিতিসমূহৰ সমন্বয় সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি, সংগঠনসমূহে বিধেয়কখন বাতিলৰ দাবীত অহা ১৬ নৱেম্বৰত দিচপুৰত প্ৰতিৰোধ সমাৱেশ অনুষ্ঠিত কৰিব। সেইদৰে, ১৭-২৭ নৱেম্বৰলৈ প্ৰতিখন জিলা সদৰত গণ সত্যাগ্ৰহ কৰিব।

আনহাতে শনিবাৰৰ বৈঠকত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে সংগঠনকেইটাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জগৰীয়া কৰে। তদুপৰি, উচটনিমূলক বক্তব্য দি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা আলফা-নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী কৰাৰ লগতে সংগঠনসমূহে উচটনিমূলক বক্তব্য দি পৰিস্থিতি উত্তপ্ত কৰা বিতৰ্কিত বিধায়ক শিলাদিত্য দেবকহে প্ৰথমে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।