NORTHEAST NOW (Assamese)

জোনাইৰ পৰা শুভাৰম্ভ হৈছে ৭১ টা সংগঠনৰ সংকল্প শিখা যাত্ৰা

November 11, 2018 1:54 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোনাইৰ পৰা গুৱাহাটীলৈ আজি আৰম্ভ কৰা হৈছে সংকল্প যাত্ৰা। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭১টা জাতীয় সংগঠনৰ দ্বাৰা এই সংকল্প শিখা যাত্ৰা আৰম্ভ কৰা হয়। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰতিবাদকাৰীসকল সমৱেত হোৱাৰ পাছত এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব দাবীৰে আজিৰে পৰা ৭১ টা সংগঠনে পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। আজি ৰাজ্যখনৰ মুঠ ৪টা স্থানৰ পৰা আৰম্ভ কৰা হৈছে সংকল্প শিখা যাত্ৰা।

ৰাজ্যখনৰ শদিয়া, জোনাই, ডিফু আৰু ধুবুৰীৰ পৰা বৃহৎ বাইক ৰেলীৰে এই সংকল্প যাত্ৰাৰ শুভাৰম্ভ ঘটোৱা হয়। তদুপৰি, এই সংকল্প যাত্ৰাৰ সময়ত বিভিন্ন স্থানত পথ সভা, বিক্ষোভ আদি অনুষ্ঠিত কৰা হ’ব।

আনহাতে, অহা ১৬ নৱেম্বৰত এই সংকল্প যাত্ৰাৰ প্ৰতিবাদী সমদল গুৱাহাটীত আহি উপস্থিত হ’ব। সেইদিনাই দিচপুৰত বিশাল গণ বিক্ষোভৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই বিক্ষোভ কাৰ্যসূচীতে সংগঠনকেইটাই চৰকাৰক শেষ সকীয়নি প্ৰদান কৰিব।

Related News