NORTHEAST NOW (Assamese)

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰত ৭২ কেজি ব্ৰাউন চুগাৰ জব্দ

November 12, 2020 4:28 pm · এন ই নাও নিউজ

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰৰ থৌবাল জিলাৰ কামুৰ পৰা বুধবাৰে ৭২ কেজি ব্ৰাউন চুগাৰ জব্দ কৰা হয়।

বিগত সময়ছোৱাৰ ভিতৰত এয়া মণিপুৰত জব্দ হোৱা সৰ্ববৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু  মণিপুৰ আৰক্ষীৰ এটা দলে বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ এটা ঔষধ বিতৰণ কেন্দ্ৰত অভিযান চলায়।

অতৰ্কিতে নিশাৰ আন্ধাৰত চলোৱা এই অভিযানৰ সময়ত তিনিটা বস্তাত বান্ধি থোৱা অৱস্থাত ৭২ কেজি ব্ৰাউন চুগাৰ জব্দ হয়।

জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ আনুমানিক মূল্য ২৮৭ কোটি টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলে ম্যানমাৰৰ পৰা এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি ভাৰতলৈ আনিছে বুলি কয়।

উল্লেখযোগ্য যে, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে নাৰ্কোটিক কন্ট্ৰ’ল ব্যুৰোৰ সহযোগত মণিপুৰত নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্ৰত অভিযান চলাই আহিছে।

Related News