বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউটে শেহতীয়াকৈ ব্যৱহাৰৰ উপযোগী হোৱাকৈ ৪০ নিযুত কোভিডৰ ভেকচিন সাজু কৰি তুলিছে।
এষ্ট্ৰাজেনেকাৰ কোভিডৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে ছেৰাম ইনষ্টিটিউটে দায়িত্ব লাভ কৰিছিল।
এষ্ট্ৰাজেনেকাৰ উপৰি ছেৰাম ইনষ্টিটিউটে নোভাভেক্স নামৰ আন এবিধ ভেকচিনৰ পৰীক্ষণত ব্যস্ত আছে।
উল্লেখ্য কিছুদিন পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে ৰাজ্যসভাৰ মজিয়াত এইবুলি কৈছিল যে ক’ৰ’ণাৰ ভেকচিন ২০২১ চনৰ প্ৰথম ভাগতে দেশবাসীয়ে লাভ কৰিব।
তেওঁ লগতে কৈছিল যে দেশত বৰ্তমান তিনিটা ভেকচিনৰ পৰীক্ষণে অগ্ৰগতি লাভ কৰিছে।
ইয়াৰে দুটা দেশীয় ভাবে প্ৰস্তুত কৰা ভেকচিন।
ভাৰত বায়’টেক আৰু জাইডাচ কেডিলাৰ ভেকচিনৰ লগতে অক্সফোৰ্ডৰ ভেকচিনৰ পৰীক্ষণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰিছিল।
সেই দিশৰ পৰা চাবলৈ গ’লে ভাৰতত ২০২১ চনৰ প্ৰথম ভাগতে ক’ৰ’ণাৰ ভেকচিন আহিব বুলি আশা কৰিব পাৰি বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত মন্তব্য কৰিছিল।
দেশত প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰীক্ষণত দুটা ভেকচিনৰ পৰীক্ষণ চলি আছে ।
একেদৰে ভাৰতত পৰীক্ষণ বন্ধ কৰা কোভিশ্বিল্ড ভেকচিনৰ পৰীক্ষণৰ ক্ষেত্ৰত পুনৰ ছেৰাম ইনষ্টিটিউটে অনুমতি লাভ কৰিছে।
ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে জাৰি কৰা নতুন নিৰ্দেশনাত ছেৰাম ইনষ্টিটিউটক পুনৰ ভেকচিন বিধৰ পৰীক্ষণ চলাই যাবলৈ অনুমতি দিছে।
ব্ৰিটেইনত এই ভেকচিনৰ পৰীক্ষণৰ পিছতে এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰাত বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰততো ভেকচিন বিধৰ পৰীক্ষণ বন্ধ কৰা হৈছিল।
শেহতীয়াকৈ ডাটা ছেফটি মণিটৰিং বোৰ্ডৰ সভাত ভেকচিন বিধৰ পৰীক্ষণ পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ ভেকচিন বিধৰ পৰা ডি এন এ ভেকচিন প্ৰস্তুতৰ বাবে অনুমতি লাভ কৰিছে।
সেইমৰ্মে প্ৰতিষ্ঠানটোৱে ২ আগষ্টৰ পৰা দেশৰ ২০ টা স্থানত ১৬০০ গৰাকী লোকৰ দেহত কোভিডৰ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছিল আৰু এতিয়াও সেয়া চলি আছে।