NORTHEAST NOW (Assamese)

গা লৰা নাই কেন্দ্ৰৰ! : পুনৰ চিংঘু সীমান্তত এজন ৭২ বছৰীয়া বিদ্ৰোহী কৃষকৰ মৃত্যু

February 13, 2021 5:02 pm · এন ই নাও নিউজ

হাৰিয়ানা-দিল্লীৰ চিংঘু সীমান্তত পুনৰ আৰু এগৰাকী বিদ্ৰোহী কৃষকৰ মৃত্যু হৈছে।

শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি হাৰিয়ানাৰ ম’গা জিলাৰ হাঞ্চা সিং নামৰ ৭২ বছৰীয়া বিদ্ৰোহী কৃষকগৰাকীৰ মৃত্যু হৈছে।

চুনিপটৰ কুণ্ডলী আৰক্ষী থানাৰ আৰক্ষীয়ে জনোৱা অনুসৰি বিদ্ৰোহী কৃষকগৰাকীৰ বৃহস্পতিবাৰে নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

উল্লেখ্য যে কেন্দ্ৰ বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত যোৱা নৱেম্বৰৰ পৰা দিল্লীৰ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন সীমান্তত দেশৰ হাজাৰ হাজাৰ কৃষকে নিৰন্তৰ আৰু আপোচবিহীন বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

বিদ্ৰোহী কৃষক আৰু চৰকাৰে নিজৰ নিজৰ স্থিতিত অটল হৈ থকাৰ ফলত অদ্যপি মীমাংসাৰ কোনো সূত্ৰ উদ্ভাৱন হোৱা নাই।

ইতিমধ্যে দুয়োপক্ষৰ মাজত অনুষ্ঠিত হোৱা ১১ লানিকৈ আলোচনা ব্যৰ্থ হৈছে। আলোচনাসমূহ ব্যৰ্থ হোৱাৰ পিছতে যোৱা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা কৃষক সংগঠনসমূহে দিল্লীলৈ উলিয়াইছিল এক ট্ৰেক্টৰ সমদল।

কৃষকৰ উক্ত ট্ৰেক্টৰ সমদলে বিক্ষিপ্ত হিংসাত্মক পৰিস্থিতৰো উদ্ভৱ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

আনহাতে আলোচনাই কোনো ফল নধৰাত অহা ১৮ ফেব্ৰুৱাৰিত বিদ্ৰোহী সংযুক্ত কিষাণ মৰ্চাই দেশজুৰি চাৰি ঘণ্টীয়া ৰে’ল বন্ধৰ আহ্বান জনাইছে।

Related News