NORTHEAST NOW (Assamese)

১৫০০-ৰ দিশে ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা; একেলগে ৭৩ গৰাকী পজিটিভ

June 1, 2020 9:31 pm · কল্পজ্য়োতি শইকীয়া
Updated: June 1, 2020 10:14 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত ১৫০০-ৰ দিশে গতি কৰিছে ক’ৰ’না ৰোগীৰ সংখ্যা; আজিৰ দিনটোত আক্ৰান্ত ১০২ গৰাকী লোক

ৰাজ্যত ১৫০০ স্পৰ্শৰ দিশে গতি কৰিছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা আজিৰ দিনটোত বৰ্তমানলৈ ১০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

কিছুসময় পূৰ্বে একেলগে ৭৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আক্ৰান্ত সকলৰ ৩০ গৰাকী কুৱেইটৰ পৰা অহা বিমান যাত্ৰী, ১২ গৰাকী কাছাৰ, ১০ গৰাকী কামৰূপ, ৯ গৰাকী কৰিমগঞ্জ, ৭ গৰাকী কোকৰাঝাৰ, দুগৰাকী হাইলাকান্দি, ১ গৰাকীকৈ বৰপেটা, নগাওঁ আৰু যোৰহাটৰ।

ইয়াকে লৈ ৰাজ্যত ১৪৬৩ লৈ বৃদ্ধি পায় ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

অসমত বৰ্তমান ১১৭৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ২৭৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা উল্লেখ কৰে।

একেলগে ৭৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ কিছু সময় পূৰ্বে ৬ গৰাকী লোকৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪ গৰাকী চৰাইদেউ, এগৰাকী শিৱসাগৰ, এগৰাকী নগাওঁ জিলাৰ আছিল।

তাৰ ঠিক কিছু সময় পূৰ্বে একেলগে  ২৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত। তাৰে ১১ গৰাকী বৰপেটা, ৫ গৰাকী ওদালগুৰি, ৩ গৰাকী ধুবুৰী, দৰঙৰ তিনিগৰাকী আৰু শোণিতপুৰ জিলাৰ এগৰাকী।

দেওবাৰৰ পৰা এইপৰ্যন্ত ২৪৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

যোৱা ৩০ মে’ত ১৫৯ গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আৰু ২৮ মে’ত ৯৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

অসমত এসপ্তাহৰ ভিতৰত সাত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, বিগত ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৩৯২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News