এইবাৰ এগৰাকী বৃদ্ধাই চকুৰ টোপনি হৰিছে কংগনা ৰাণাৱটৰ, কোন তেওঁ-কি কৰিছিল কংগনাই?

kangana-mahindar-

শিৱসেনা নহয়, এইবাৰ এগৰাকী বৃদ্ধাৰ বাবে চিন্তাত পৰিবলগীয়া হৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট।

দেশত চলি থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত টুইটাৰত নানান বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা কংগনাৰ বিৰুদ্ধে এইবাৰ আইনী যুঁজত নামি পৰিছে এগৰাকী বৃদ্ধা।

নাম তেওঁৰ মহিন্দৰ কৌৰ।পঞ্জাৱৰ বাসিন্দা মহিন্দৰ কৌৰে এতিয়া কংগনাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে।

কিন্তু কি কাৰণত কংগনাৰ বিৰুদ্ধে আদালতৰ মজিয়ালৈ যাৈবলগীয়া হ’ল এই গৰাকী বৃদ্ধা?

দৰাচলতে দিল্লীত তিনি খনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষক আন্দোলনত ভাগ লৈছিল পঞ্জাৱৰ এই গৰাকী বৃদ্ধাই।

কিন্তু কৃষক আন্দোলনকলৈ বিতৰ্কিত মন্তব্য কৰি থকা কংগনাই মহিন্দৰ কৌৰকে শ্বাহিনবাগৰ কা বিৰোধী আন্দোলনত ভাগ লোৱা বিলকিছ বানো বুলি ভাবি কৌৰৰ ছবি খনকে বিলকিছ বানোৰ ছবি বুলি প্ৰকাশ কৰিছিল আৰু ছবি খনৰ সৈতে  এনেদৰে মন্তব্য কৰিছিল—‘হা হা! এওঁ দেখোন সেইগৰাকী আইতা, যাক টাইম মেগাজিনে প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ৰাখিছিল।এওঁক দেখোন ১০০ টকাৰ বিনিময়তে পোৱা যায়’।

কংগনাৰ এনে মন্তব্যত ক্ষুদ্ধ হৈ মহিন্দৰ কৌৰে কংগনাৰ বিৰুদ্ধে পঞ্জাৱৰ এখন আদালতত গোচৰ তৰিছে।

বৃদ্ধা গৰাকীয়ে কংগনাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত গোচৰ তৰাত এতিয়া স্বাভাৱিকতে শলঠেকত পৰিছে কংগনা।

১১ জানুৱাৰীত আদালতে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। উক্ত দিনা কংগনাই পঞ্জাৱৰ আদালতত উপস্থিত থাকিব লাগিব।