বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা কাঁ চলচ্চিত্ৰ মহোৎসৱ এইবাৰ পুনৰ পিচুৱাই দিয়া হৈছে।
ক’ৰ’ণাতংকৰ বাবেই যোৱা বছৰত ৭৩ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ প্ৰথমে পিচুৱাই দি পিছত বাতিল কৰা হৈছিল।
চলিত বৰ্ষৰ মে’ মাহত এই বিশ্ব বিখ্যাত চলচ্চিত্ৰ মহোৎসৱ খনৰ ৭৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত কৰাৰ কথা আছিল।
বহুতে এই বুলি আশা কৰিছিল যে কোভিডৰ ভেকচিন বজাৰলৈ অহাৰ পিছতে চলচ্চিত্ৰ মহোৎসৱ খন সুকলমে অনুষ্ঠিত কৰিব পৰা যাব।
কিন্তু ভেকচিন ওলোৱাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই কোভিড।
সেইবাবেই পুনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ চলিব বৰ্ষৰ জুলাই মাহলৈকে পিচুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
কাঁ চলচ্চিত্ৰ মহোৎসৱ আয়োজক সমিতিয়ে প্পৰকাশ কৰা মতে চলিত বৰ্ষৰ ৬-১৭ জুলাইলৈ অনুষ্ঠিত হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ।
উল্লেখ্য ক’ৰ’ণাতংকৰ বাবেই ৭৩ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ একেবাৰে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
জুলাই মাহত যদি ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হয় তেন্তে ক’ৰ’ণাতংকৰ মাজত অনুষ্ঠিত এই খনেই হ’ব দ্বিতীয় খন সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ।
ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত কোভিড প্ৰ’টোকল মানি অনুষ্ঠিত কৰা হৈছিল ভেনিচ চলচ্চিত্ৰ মহোৎসৱ।