বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

Independence Day

(১)

প্ৰগতিৰ পথত আগুৱাব খোজা যিকোনো দেশৰ বাবেই বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্ব অপৰিসীম৷ আমাৰ দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই কথাটো অতি ভালদৰেই হৃদয়ংগম কৰিছিল আৰু তেখেতে নতুনকৈ ষ্বাধীন হোৱা তথা এশ এবুৰি সমস্যাৰে জৰ্জৰিত দেশখনৰ সীমিত সম্পদেৰেই ৰাষ্ট্ৰনিৰ্মানৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশত গুৰুত্ব দিছিল। এক ৰূপান্তৰকাৰী শক্তি হিচাপে বিজ্ঞান আৰু প্ৰযুক্তিৰ ভ্মিকাক উৰ্ধত তুলি লোৱাৰ উপৰিও, নেহৰুৱে মানুহৰ চিন্তা ধাৰণাৰ আমূল পৰিৱৰ্তনৰ বাবে বৈজ্ঞানিক মানসিকতাক আঁকোৱালি লোৱাৰ ওপৰতো গুৰুত্ব দিছিল। আজি স্বাধীনতাৰ পয়সত্তৰ বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত, আমি প্ৰথম চাৰি দশকত বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতি আৰু নবৈব দশকৰ উদাৰীকৰণৰ পিচৰ সময়খিনিৰ অগ্ৰগতি বেলেগে বেলেগে আলোচনা কৰিবলৈ লৈছোঁ।

(২)

স্বাধীনতাৰ পিচৰ প্ৰথম চাৰি দশকতে, ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত চমকপ্ৰদ প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল| ইয়াৰ ভিতৰত সেউজ বিপ্লৱ, শ্বেত বিপ্লৱ, নিউক্লীয় প্ৰযুক্তি, মহাকাশ আৰু উপগশগ্ৰহ-প্ৰযুক্তি, তথ্য-প্ৰযুক্তি আদি উল্লেখযোগ্য৷ ১৯৪৭ চনত ভাৰতে মাত্ৰ ছয় নিযুত টন ঘেঁহু উৎপাদন কৰিবলৈহে সমৰ্থ হৈছিল যিটো আছিল জনসূংখ্যাৰ প্ৰয়োজন পূৰাবৰ বাবে অতিকৈ কম আৰু ইয়াৰ ফলত দেশখনে খাদ্যশস্যৰ বাবে অন্য দেশৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন হৈছিল। ভূমি সংফ্কাৰ, উন্নত জলসিঞ্চন ব্যৱস্থা, সাৰ উৎপাদন বৃদ্ধি আদিৰ যোগেদি ঘেঁহুৰ উৎপাদন ১৯৬৪ চনলৈ ১২ নিযুত টনলৈ বঢ়াব পৰা গৈছিল কিন্তু সেইটোও আছিল প্ৰয়োজনতকৈ বহুত কম।

পিচত, মেক্সিকোত নৰ্মেন বৰ্লগ নামৰ বিজ্ঞানীজনে বিকাশ ঘটোৱা ঘেঁহুৰ উচ্চ উৎপাদনশীল বীজ দেশৰ কৃষি গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষা কৰি দেশত ব্যৱহাৰ কৰি সুফল পোৱা গ’ল। তেনেদৰে, ধান, গোমধান, বজ্ৰা আদি খাদ্যশস্যৰ ক্ষেত্ৰতো উচ্চ উৎপাদনশীল বীজৰ বিকাশ ঘটোৱাটো সম্ভৱপৰ হ’ল আৰু সত্তৰৰ দশকৰ আৰম্ভণিতে, ঘেঁহুৰ উৎপাদন ২০ নিযুত টনলৈ তথা ধানৰ উৎপাদন ৪০ নিযুত টনলৈ বৃদ্ধি পালে। দেশখন খাদ্যশস্যৰ ক্ষেত্ৰত ষ্বনিৰ্ভৰশীল হৈ উঠিল নব্বৈৰ দশকৰ আৰম্ভণিৰ পৰাই।

নিউক্লীয় পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰত স্বাধীনতাৰ আগতেই ১৯৪০ চনত প্ৰখ্যাত বিজ্ঞানী মেঘনাদ চাহাই কলিকতা বিশ্ববিদ্যালয়ত নিউক্লীয় পদাৰ্থবিজ্ঞানৰ এটা মাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰে। সেই বছৰতে তেওঁক টাটা ট্ৰাষ্টে এটা চাইক্ল’ট্ৰন যন্ত্ৰ স্থাপন কৰাৰ বাবে প্ৰয়োজনীয় পুঁজি দান দিয়ে। ১৯৪৫ চনত, হোমি জাহাংগিৰ ভাবাই তেওঁৰ দূৰ সম্পৰ্কীয় উদ্যোগপতি জে আৰ ডি টাটাৰ সাহায্যত নিউক্লীয় পদাৰ্থবিজ্ঞান আৰু মহাজাগতিক ৰশ্মি অধ্যয়ন কৰাৰ বাবে টি আই এফ আৰ (TIFR) নামৰ আগশাৰীৰ গৱেষণাগাৰ বোম্বেত স্থাপন কৰে। স্বাধীনতা-প্ৰাপ্তিৰ পিছৰ বছৰতেই, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উদ্যোগত ভাৰতীয় পাৰমাণৱিক শক্তি আইন গ্ৰহণ কৰা হয়। হোমি জাহাংগিৰ ভাবাৰ নেতৃত্বত মাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰমৰো প্ৰৱৰ্তন কৰা হয়।

প্ৰথমে বৈজ্ঞানিক গৱেষণাৰ বাবে, ১৯৫৬ চনত ইংলেণ্ডৰ সহযোগিতাত, অপ্সৰা নামৰ এক মেগাৱাটৰ এটা নিউক্লীয়েৰ ৰিয়েক্টৰ (এচিয়া মহাদেশতে প্ৰথম) ট্ৰম্বেত স্থাপন কৰা হয়। ইয়াৰ পিচত, ১৯৬১ কানাডাৰ সাহায্যত ট্ৰম্বেতে চাইৰাচ নামৰ ৪০ মেগাৱাটৰ অন্য এটা গৱেষণামূলক ৰিয়েক্টৰ স্থাপন কৰা হয়। লাহে লাহে, ব্যৱসায়িক ভিত্তিত বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰাকৈ নিউক্লীয়েৰ ৰিয়েক্টৰো স্থাপন হবলৈ ধৰিলে। নিউক্লীয় শক্তি অৱশ্যে এতিয়াও মাত্ৰ ৮ গিগাৱাটমানহে উৎপাদন হয় আৰু ই দেশৰ মুঠ শক্তিৰ প্ৰয়োজনৰ প্ৰায় তিনি শতাংশতে সীমিত হৈ আছে। তথাপিও, ভাৰত এতিয়া এক নিউক্লীয় শক্তিধৰ দেশ বুলি পৰিগণিত আৰু ইয়াৰ এক যুদ্ধ-প্ৰতিৰোধক (deterrent) ভূমিকা থকা বুলি ভবা হয়।

সেইদৰে, ষাধীনতাৰ সময়ত, দেশখনে গাখীৰ আৰু মাখন, শিশুখাদ্য আদিৰ বাবে অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ভাৰ্গীজ কুৰিয়েনৰ দৰে দূৰদৰ্শী প্ৰযুক্তিবিদ আৰু ব্যৱস্থাপকৰ প্ৰচেষ্টাত গুজৰাটৰ আনন্দত সমবায় ভিত্তিত গোপালকসকলক সংগঠিত কৰি, গৰু তথা মহৰ গাখীৰৰ পৰা পাউডাৰ প্ৰস্তুতকৰণৰ প্ৰযুক্তি দেশীয়ভাৱে উদ্ভাৱন কৰি শ্বেতবিপ্লৱৰ সূচনা হ’ল আৰু ই দেশক এই ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিলে।

ষাঠিৰ দশকৰ মাজভাগৰ পৰা বিক্ৰম চাৰাভাইৰ নেতৃত্বত ভাৰতে মহাকাশ প্ৰযুক্তিৰ বাটত খোজ পেলায়। তেখেতে, এই প্ৰযুক্তিৰে যোগাযোগ, স্বাস্থ্যসেৱা আৰু গ্ৰাম্য উন্নয়নৰ কথা কৈছিল যদিও বেছিভাগ মানুহ ইয়াত পতিয়ন যোৱা নাছিল। প্ৰথমে শিক্ষাৰ প্ৰসাৰৰ কাৰণে এটা কৃত্ৰিম উপগ্ৰহৰ ব্যৱহাৰ কৰি দেখুওৱা হ’ল; পিচত আর্যভট্ট উপগ্ৰহটো তেতিয়াৰ চোৱিয়েৎ ৰাছিয়াৰ নিক্ষেপণযানেৰে কক্ষপথত স্থাপন কৰা হ’ল| পিচলৈ দেশখনে নিজেই কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কৰা আৰু প্ৰক্ষেপণ কৰাৰ প্ৰযুক্তি আহৰণ কৰিলে আৰু INSAT তথা IRS শ্ৰেণীৰ উপগ্ৰহ নিক্ষেপ কৰি টেলিভিশ্যনৰ বাবে যোগাযোগ, বতৰৰ আগলি বতৰা আদি সম্ভৱপৰ কৰি তুলিলে। পিচলৈ, ভিচেট (VSAT বা Very Small Aperture Terminal) নামৰ ক্ষুদ্ৰাকৃতিৰ এণ্টেনাৰ আৱিষ্কাৰৰ ফলত, বেংকৰ এ-টি-এম সেৱা, টেলিভিশ্যনৰ ডাইৰেক্ট-টচু-হোম (DTH) সেৱা আদি ক্ষেত্ৰত মহাকাশ-প্ৰযুক্তিৰ বহুল প্ৰয়োগ হবলৈ ধৰিছে।

ঔষধ আৰু প্ৰতিষেধক হ’ল দেশখনে অগ্ৰগতি লাভ কৰা অন্য এক উল্লেখযোগ্য ক্ষেত্ৰ। ভাৰতক এতিয়া সমগ্ৰ বিশ্বৰ ফাৰ্মাচী বা ঠষধালয় বুলি জনা যায়। ভাৰতত প্ৰস্তুত দৰব কেবল উন্নয়নশীল দেশসমূহেই নহয়, উন্নত দেশসমূহতো বহুলভাৱে বিক্ৰী হয়। বহুজাতিক নিগমসমূহৰ কঠোৰ নিয়ন্ত্ৰণৰ পৰা মুক্তি পাবলৈ, কেন্দ্ৰীয় চৰকাৰে ১৯৫৪ চনত হিন্দুস্তান এণ্টিবায়টিক লিমিটেড আৰু তাৰ পিচত চোভিয়েট ৰাছিয়াৰ সাহায্যৰে ইণ্ডিয়ান ড্ৰাগচ এণ্ড ফাৰ্মাচিউটিকেলচ লিমিটেড স্থাপন কৰে| এই দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাষ্ট্ৰীয় ৰাসায়ণিক গৱেষণাগাৰ (NCL), ভাৰতীয় ৰাসায়ণিক প্ৰযুক্তি প্ৰতিষ্ঠান (IICT) তথা কেন্দ্ৰীয় উষধ গৱেষণা প্ৰতিষ্ঠান (CDRI) আদি ৰাষ্ট্ৰীয় গৱেষণাগাৰে দেশৰ ঔষধ উদ্যোগৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু মানৱ-সম্পদৰ সৃষ্টি কৰিছিল।

১৯৭০ চনত গৃহীত পেটেণ্ট আইনেও প্ৰচলিত ধাৰাৰ পৰা আঁতৰি গৈ, কেৱল প্ৰক্ৰিয়া পেটেণ্ট (Process Patent) ক স্বীকৃতি দিলে যাৰ ফলত ভাৰতীয় কোম্পানীবিলাকে ইতিমধ্যে বাহিৰৰ দেশত পেটেণ্ট-প্ৰাপ্ত ঔষধসমূহক বিকল্প প্ৰক্ৰিয়াৰে দেশত কম খৰছতে প্ৰস্তুত কৰাটো সম্ভৱপৰ হৈ উঠিল| কেন্দ্ৰীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণাগাৰসমূহে (CSIR) বহুতো ঔষধৰ বাবে বিকল্প প্ৰক্ৰিয়াৰ বিকাশ ঘটালে আৰু ইয়াৰ প্ৰযুক্তি ব্যক্তিগত কোম্পানীবিলাকলৈ হস্তান্তৰ কৰিলে। ইয়াৰ যোগেদি, যোৱা দুই তিনিটা দশকত ভাৰতীয় গুষধ উদ্যোগে প্ৰভৃত উন্নতি কৰিবলৈ সক্ষম হৈছে। এনে এক দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ বাবেই, এই উদ্যোগে, সাম্প্রতিক কালত, কম সময়তে ক’ৱিড প্ৰতিষেধক আদি প্ৰস্তুত কৰি উলিয়াই বিশ্বৰ ভিতৰতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

টেলিক’ম বা দূৰসংযোগৰ ক্ষেত্ৰখনতো দেশৰ প্ৰগতি বাধিত হৈছিল কাৰণ বহুজাতিক নিগমসমূহৰ হাততহে ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আছিল। সত্তৰৰ দশকত, এটা টেলিফোন লাইন পাবলৈ মানুহে দীৰ্ঘদিন বাট চাবলগীয়া হৈছিল আৰু দেশৰ বেছিভাগ ঠাইতে এই সুবিধা পোৱা নগৈছিল । টেলিফোন এক্সচেঞ্জ স্থাপনৰ বাবে দৰকাৰী চুইচ্চিং (Switching) প্ৰযুক্তিৰ বিকাশ ঘটাবলৈ টেলিক’ম ৰিচাৰ্চ চেণ্টাৰক দায়িত্ব দিয়া হৈছিল আৰু ১৯৭৩ চনত এটা ১০০-লাইনৰ ইলেক্কনিক চুইচ বনাব পৰা যায় | একে সময়তে, টাটা মৌলিক গৱেষণাৰ প্ৰতিষ্ঠান (TIFR) আৰু ব’ম্বেৰ ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানে (IIT) সৈন্যবাহিনীৰ বাবে এটা ডিজিটেল স্বয়ংক্ৰিয় ইলেক্ট্ৰনিক চুইচ বনাবলৈ সক্ষম হয়। ১৯৮৪ চনত চে’ম পিট্ৰোডাৰ নেতৃত্বত চি-ড’ট (C-DOT) স্থাপন হোৱাৰ পিচত গ্ৰাম্যাঞ্চলৰ উপযোগী হোৱাকৈ টেলিফোন এক্সচেঞ্জৰ প্ৰযুক্তি বিকশিত হ’ল আৰু ইয়াক ব্যক্তিগত কোম্পানীবিলাকলৈ হস্তান্তৰ কৰাৰ ফলত দেশত টেলিক’ম উদ্যোগে গা কৰি উঠিলে; লগতে দেশৰ গ্ৰাম্যাঞ্চলত সহজেই টেলিফোনৰ সুবিধা দিব পৰা সম্ভৱপৰ হৈ উঠিল৷ চি-ড’টৰ এক্সচেঞ্জবিলাকৰ চাহিদা উন্নয়নশীল দেশবিলাকতো বাঢ়িল।

তথ্য প্ৰযুক্তি আজিৰ দিনত ভাৰতৰ এক প্ৰধান পৰিচয় হৈ পৰিছে। কিন্তু স্বাধীনতাৰ পিচৰ দশকবোৰত, দেশত তথ্য-প্ৰচেছিঙৰ ক্ষেত্ৰৰ আমেৰিকাৰ আই-বি-এম আৰু ইংলেণ্ডৰ আই-চি-এল নামৰ দুটা কোম্পানীৰ দপদপনি আছিল। এই দুই কোম্পানীৰ কম্পিউটাৰবিলাক চৰকাৰৰ বিভাগসমূহত, ৰাজহুৱা খণ্ডত, সামৰিক বাহিনীত ব্যৱহাৰ কৰা হৈছিল। প্ৰায় একচেতীয়া প্ৰতিপত্তিৰ সুযোগ গ্ৰহণ কৰি, কোম্পানী দুটাই পুৰণি আৰু আনে বাদ দিয়া কম্পিউটাৰ ভাৰতলৈ আনি উচ্চ দৰত ভাড়ালৈ দিছিল। ইফালে দেশত, ৰাষ্ট্ৰীয় নমুনা জৰীপ (Sample Survey), নিউক্লীয়েৰ ৰিয়েক্টৰৰ গৱেষণা আদি কামত শেষতীয়া কম্পিউটাৰৰ প্ৰয়োজন হৈছিল। এই পৰিপ্ৰেক্ষিতত, ১৯৭০ চনত কেন্দ্ৰীয় চৰকাৰে ইলেক্ন্নিক্স বিভাগ স্থাপন কৰে আৰু ইয়াৰ লগে লগে ৰাজহুৱা খণ্ডত ইলেক্নিক্স কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড (ECI), কম্পিউটাৰ মেইণ্টিনেন্স কৰ্পোৰেশ্যন (CMC) তথা ৰাজ্যসমূহত ইলেক্নুনিক্স ডেৱেল’পমেণ্ট কৰ্পোৰেশ্যন আদিৰ স্থাপন হয়।

প্ৰযুক্তিৰ সুফল জনসাধাৰণৰ ওচৰলৈ লৈ যাবৰ বাবে, ১৯৮৬ চনত ৰেইলৱে পেচেঞ্জাৰ ৰিজাৰ্ভেশ্যন চিষ্টেম নামৰ এটা কম্পিউটাৰাইজেশ্যনৰ প্ৰকল্প আৰম্ভ কৰা হয়; ইয়াৰ যোগেদি ৰেলৰ যাত্ৰী-টিকেট আৰক্ষণ কৰাৰ প্ৰক্ৰিয়টো অতি সৰল আৰু দ্ৰুত কৰা হয়। প্ৰথমবাৰৰ বাবে, ভাৰতবাসীয়ে এক অত্যাধুনিক প্ৰযুক্তিৰ সুফল পালে। ১৯৭৯ চনত, চৰকাৰী বিভাগসমূহত তথ্য-প্ৰযুক্তিৰ প্ৰয়োগ সুচল কৰি তুলিবলৈ, ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰ (NIC) স্থাপিত হয়; ১৯৯০ চনৰ ভিতৰত ইয়াৰ শাখাসমূহ ৰাজ্যৰ ৰাজধানী আৰু জিলাৰ সদৰসমূহত স্থাপিত হয়; কৃত্ৰিম উপগ্ৰহ-আধাৰিত এক কম্পিউটাৰ নেটৱৰ্কৰ যোগেদি এই সকলোবিলাক সংযোজিত কৰি চৰকাৰী খণ্ডৰ আধুনিকীকৰণৰ দিশত এক প্ৰধান পদক্ষেপ লোৱা হয়।

(৩)

নবৈব দশকৰ উদাৰীকৰণৰ পিচতো ভাৰতে বহুত ক্ষেত্ৰত সাফল্য আহৰণ কৰিবলৈ সক্ষম হৈছে| ধান, ঘেঁহু, কুঁহিয়াৰ, বাদাম, শাক-পাচলি, ফলমূল আৰু মাছ উৎপাদনৰ ক্ষেত্ৰত দেশখন এতিয়া পৃথিৱীৰ ভিতৰতে দ্বিতীয় আৰু গাখীৰ তথা মাহজাতীয় শস্যৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ উৎপাদক। ঔষধ আৰু ৰোগ-প্ৰতিষেধকৰ উৎপাদনৰ ক্ষেত্ৰতো দেশৰ সুনাম আছে; ভাৰত বৰ্তমান সস্তীয়া আৰু গুণসম্পন্ন ঔষধ আদিৰ বাবে সমগ্ৰ বিশ্বৰ ফাৰ্মেচী বুলি জনাজাত। টেলিক’ম বা দূৰসংযোগৰ ক্ষেত্ৰত, এতিয়া দেশৰ ছয়লাখ গাঁওৰ ভিতৰত প্ৰায় ২৪,০০০ খন গাঁও বাদ দি বাকী সকলোতে এই সেৱা দিয়া হৈছে; দেশত অলপতে 5G স্পেকট্ৰামৰ নীলাম হৈ গৈছে আৰু এই সেৱা পৰীক্ষামূলকভাৱে এই বছৰৰ ভিতৰতে কেইখনমান মহানগৰীত আগবঢ়োৱা হ’ব।

নিউক্লীয় শক্তিৰ বেছি সম্প্ৰসাৰণ হোৱা নাই; কাৰণ, নিউক্লীয় নিৰস্ত্ৰীকৰণ চুক্তিত চহী নকৰা বাবে ভাৰতৰ বাবে আন্তৰ্জাতিক ক্ষেত্ৰত কিছু বাধানিষেধ আছে আৰু বোধগম্য কাৰণতে, নিউক্লীয় শক্তি উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ কৰাটো বৰ সহজসাধ্য নহয়। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত, ভাৰতৰ এই উদ্যোগ এতিয়া দেশৰ মুঠ জিডিপিৰ ৮% আৰু ইয়াৰ মূল্যমান ১৯৪ বিলিয়ন (অৰ্বুদ) ডলাৰ; ইয়াৰ বৃদ্ধিৰ অপাৰ সম্ভাৱনা বিদ্যমান। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত, দেশখনে বিশ্বৰ প্ৰথম ছখন দেশৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে যাৰ ওচৰত GSLV কে ধৰি সকলো ধৰণৰ উৎক্ষেপণ প্ৰযুক্তি, ক্ৰায়োজেনিক ইঞ্জিনৰ প্ৰয়োগ আৰু অন্য গ্ৰহ-উপগ্ৰহলৈ অভিযান চলোৱাৰ ক্ষমতা আছে তথা দেশৰ বহুসংখ্যক কৃত্ৰিম উপগ্ৰহ কক্ষপথত স্থাপন কৰা আছে; ভাৰতৰ উৎক্ষেপণ যানে বেলেগ বেলেগ দেশৰ বহুসংখ্যক কৃত্ৰিম উপগ্ৰহ একেবাৰতে আৰু কম খৰছতে সফলতাৰে নিজৰ নিজৰ নিৰ্ধাৰিত কক্ষত স্থাপন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

এইবিলাক সফলতা সত্বেও, দেশখনে দৰাচলতে, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এতিয়ালৈকে যিমান দূৰলৈ আগুৱাই যাব লাগিছিল সিমান দূৰলৈ যাব পৰা নাই| ইয়াৰ কাৰণ বিচাৰি বৰ দূৰলৈ যাব নালাগে| স্বাধীনতাৰ প্ৰথম পঁচিছ বছৰমানত, বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত এক স্বনিৰ্ভৰশীলতাৰ নীতি অনুসৰণ কৰাৰ পিচত, দেশে ইয়াক বিসৰ্জন দি সপ্তীয়া আমদানিকৃত সামগ্ৰীৰে কাম চলোৱাৰ নীতি গ্ৰহণ কৰিলে; ইয়াৰ ফলত বস্তুহে পোৱা গ’ল; কিন্তু তাৰ অন্তৰালত থকা বিজ্ঞান তথা প্ৰযুক্তি দেশৰ হস্তগত নহ’ল। স্বাধীনতাৰ পিচতেই স্থাপন কৰা IITs, RECs(এতিয়া NIT), CSIR গৱেষণাগাৰসমূহ, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ আদিয়ে এতিয়াও আমাৰ বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰৰ আধাৰভূত ভূমিকা পালন কৰি আহিছে। আশীৰ দশকত দেশীয় বিজ্ঞান-প্ৰযুক্তিৰ অৱনতি আৰম্ভ হ’ল আৰু উদাৰীকৰণৰ পিচত ১৯৯৪ চনত বিশ্ব বাণিজ্য সংস্থা (WTO) ৰ লগত চুক্তিবদ্ধ হোৱাৰ লগে লগে ই অধিক ত্বৰান্বিত হ’ল।

দেশৰ বৰ্তমানৰ চৰকাৰে আত্মনিৰ্ভৰতাৰ শ্লোগান আওঁৰাইছে যদিও ই কেনেকৈ সম্ভৱপৰ হ’ব ষদিহে বিজ্ঞান-প্ৰযুক্তিত জিডিপিৰ মাত্ৰ ০.৬৫% আবণ্টনহে দিয়া হয় ? চৰকাৰে যেতিয়া কয় যে ২০৩০ চনলৈকে, প্ৰত্যেক ভাৰতীয়ৰ হাতত একোটাকৈ স্মাৰ্টফোন থাকিব আৰু প্ৰতিখন পথাৰতে ড্ৰোনে বিচৰণ কৰিব, আমি সুধিব লাগিব যে এইবিলাকে কেনেকৈ বৈষয়িক আৰু সাংস্কৃতিক উপকাৰ সাধন কৰিব| এই গেজেট বা যন্ত্ৰসমূহ আমদানিৰ ওপৰত গুৰুতৰভাৱে নিৰ্ভৰশীল হ’ব আৰু চেমি-কণ্ডাক্টৰ আধাৰিত চিপ, ম’টৰ, লিথিয়াম-আয়ন বেটেৰী আদিৰ অবিহনে এইবোৰ নচলিব| আমাৰ বৌদ্ধিক অভাৱৰ কথাও মনত ৰাখিব লাগিব কিয়নো এতিয়া প্ৰায় ৭০,০০০ ইঞ্জিনীয়াৰিং আসন খালী পৰি থাকে আৰু মৌলিক বিজ্ঞানে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে।

১৯৫৮ চনৰ বৈজ্ঞানিক নীতিগত সিদ্ধান্ত (Scientific Policy Resolution) ত ঘোষণা কৰাৰ দৰে, বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত এক সুচলীকাৰক (Facilitator)ৰ ভূমিকা ৰাষ্ট্ৰই নেওচি দিয়া দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, অহা দশকটোত কৰ্ণাটকত ২২,৯০০ কোটি টকাৰ বিনিয়োগেৰে এটা চেমি-কণ্ডাক্টৰ হাব স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াত আবু-ধাবি তথা ইজৰায়েল-স্থিত উদ্যোগৰ পৰা পুঁজি আহৰণ কৰা হব; কিন্তু ইয়াত ব্যৱহৃত হবলগীয়া প্ৰযুক্তিৰ ভাগ জানোঁ আমাৰ দেশে পাব? ইফালে, আশীৰ দশকতে, আই-আই-এচ-চি (IISc) বাংগালোৰে বিকশিত কৰা প্ৰযুক্তি মেট্‌টুৰ কেমিকেলচ নামৰ এটা উদ্যোগে ব্যৱহাৰ কৰি উদ্যোগত-ব্যৱহাৰযোগ্য (industrial-grade) চিলিক’ন উৎপাদন কৰাৰ কামত বহুদূৰ অগ্ৰসৰ হৈছিল; কিন্তু ইয়াক বিদেশী ল’বীৰ চক্ৰান্তত সিমানতে সামৰিবলগীয়া হ’ল। এতিয়া বিশ্বজুৰি মহাৰ্ঘত পৰিণত হোৱা চেমি-কনডাক্টৰৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত বহু পৰিমাণে স্বাৱলমবী হব পাৰিলেহেঁতেন- এই প্ৰয়াস ইমানতে সামৰা নোহোৱাহেঁতেন।

(ফোন- ৯৪৩৫৫৪১৩০০)