NORTHEAST NOW (Assamese)

অসমত ৭৬৭ নতুন ক’ভিড আক্ৰান্ত, ৯৩১ আৰোগ্য

October 16, 2020 11:11 pm · এন ই নাও নিউজ

৭৬৭গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ৯৩১গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

৩৪,৭১৪টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ২.২১ শতাংশ।

আৰোগ্যৰ হাৰ হৈছে ৮৫.২৩ শতাংশ।

১,৭০,২৬৩গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ২৮,৬৩০ (।)

মুঠ ১,৯৯,৭৪৯গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত শুকুৰবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৫৩লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ৮৪৩গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

Related News