লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৭৮.২৬ শতাংশ

IMG-20190411-WA0014~2

বৃহস্পতিবাৰে বোকাখাতৰ এটা ভোটকেন্দ্রত ভোটদানৰ দৃশ্য।ফটো : নৰ্থইষ্ট নাও

লোকসভা নিৰ্বাচনত ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বোকাখাত বিধানসভা সমষ্টিত ১১ এপ্ৰিলৰ দিনা শতকৰা ৭৮.২৬ শতাংশ ভোটাৰে ভোটদান কৰে ৷

সমষ্টিটোত মুঠ ভোটাৰ আছিল ১,৪১,০০৭ গৰাকী। ইয়াৰে ৭১,৩৯৯ গৰাকী পুৰুষ আৰু ৬৯,৬০৮ গৰাকী মহিলা ভোটাৰ ৷ প্ৰথম পৰ্ষ্যায়ৰ লোকসভা নিৰ্বাচনত ইয়াৰে  ৫৬,৭৪৪ গৰাকী পুৰুষ ভোটাৰ আৰু ৫৩,৬০৬ গৰাকী মহিলা ভোটাৰকলৈ মুঠ ১,১০,৩৫০ গৰাকী ভোটাৰে ভোটদান সাৱ্যস্ত কৰে ৷

ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ হ’ল ৭৯.৪৭ শতাংশ আৰু মহিলা ভোটাৰৰ হাৰ হ’ল ৭৭.০১ শতাংশ ৷ সমষ্টিটোৰ ১৮০ নম্বৰ গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত সমষ্টিটোৰ ভিতৰত সৰ্বাধিক ৯১.৯৩ শতাংশ ভোটদান হয় ৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ ১৫০ নম্বৰৰ ৰাগদিয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰতেই সৰ্বনিম্ন ৫৮.৫৮ শতাংশ ভোটাৰে ভোটদান কৰে ৷

সমষ্টিটোৰ দুই এটা কেন্দ্ৰত নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ বাহিৰে সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱেই বোকাখাত সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয় ৷ ভোটগ্ৰহণৰ সময়ত ১২৬ নম্বৰ মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ চলি থকাৰ মাজতেই যান্ত্ৰিক বিজুতিৰ বাবে ভি ভি পেট সলনি কৰিব লগা হয় ৷

উল্লেখ্য যে সমষ্টিটোৰ মুঠ ১৮১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ৮ টা কেন্দ্ৰ নগৰাঞ্চলত আৰু ১৭১ টা কেন্দ্ৰ গ্ৰামাঞ্চলত অৱস্থিত আছিল ৷ বোকাখাতৰ জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰটো আছিল সৰ্বাধিক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ৷ কিয়নো এই কেন্দ্ৰতে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কলিয়াবৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে ভোটদান কৰে ৷