৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা : ৫ জনৰ মৃত্যু

 তথ্য অনুযায়ী চাবলৈ গ’লে ২০২১-২০২২ চনৰ নৱবৰ্ষৰ (৩১ ডিচেম্বৰৰ নিশা) দিনা ৰাজ্যত সংঘটিত হৈছিল ১০৭টা পথ দুৰ্ঘটনা। কিন্তু এইবাৰ পূৰ্বৰ তুলনাত এই সংখ্যা কম । এইবাৰ মাত্ৰ ৭৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনা আৰু অপৰাধ নিৰ্মূলৰ বাবে কিছুদিন ধৰি সমগ্ৰ ৰাজ্যতে তালাছী চলিছে প্ৰশাসনৰ। নৱবৰ্ষ, বৰদিন আদি উৎসৱৰ আনন্দত নিচাজাতীয় দ্ৰব্য সেৱন কৰি যান বাহন চলোৱাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰী কৰিছে অসম চৰকাৰ, পুলিচ প্ৰশাসন তথা ৰাজ্যৰ পৰিবহন বিভাগে।

উল্লেখ্য যে নৱবৰ্ষৰ আনন্দত সুৰাপান কৰি প্ৰত্যেক বছৰে পিকনিক বা ৰাস্তাত সংঘটিত হয় শ শ দুৰ্ঘটনা। মৃত্যুমুখত পৰে বহুতো নাগৰিক। তাৰেই প্ৰতিকাৰস্বৰূপে এইবাৰ অসম চৰকাৰে প্ৰত্যেকখন চহৰ, নগৰ তথা গাঁও অঞ্চলত ৰাখিছে তীক্ষ্ণ নিৰাপত্তা ব্যৱস্থা। সুৰাপান কৰি বাহক চলোৱা যাত্ৰীসকলৰ ওপৰত চকু ৰাখিছে প্ৰশাসনে। যাৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা।

এইবাৰ ৩১ ডিচেম্বৰৰ দিনা নিশাৰ পৰা ১ জানুৱাৰীৰ পুৱা ৮ বজালৈকে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে মুঠ ৪৭টা পথ দুৰ্ঘটনা। আনহাতে ৰাজ্য বাকী প্ৰান্তত সংঘটিত হৈছে ৩২টা দুৰ্ঘটনা। ৩১ ডিচেম্বৰৰ নিশাৰ পৰা ১ জানুৱাৰীৰ পুৱালৈকে ৰাজ্যত সৰ্বমুঠ ৭৯টা পথ দুৰ্ঘটনা হৈছে।

 তথ্য অনুযায়ী চাবলৈ গ’লে ২০২১-২০২২ চনৰ নৱবৰ্ষৰ (৩১ ডিচেম্বৰৰ নিশা) দিনা ৰাজ্যত সংঘটিত হৈছিল ১০৭টা পথ দুৰ্ঘটনা। কিন্তু এইবাৰ পূৰ্বৰ তুলনাত এই সংখ্যা কম । এইবাৰ মাত্ৰ ৭৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।

আৰক্ষী তথা পৰিবহন বিভাগৰ একাগ্ৰ শ্ৰম আৰু প্ৰচেষ্টাৰ বাবেই পূৰ্বৰ তুলনাত দুৰ্ঘটনা ৰোধত অধিক সফলতা অৰ্জন কৰা বুলি ধাৰণা কৰিছে ৰাজ্যবাসীয়ে।

আনহাতে আইন শৃঙ্খলা বজাই ৰাখি নৱবৰ্ষ উদযাপন কৰাৰ বাবে গুৱাহাটীবাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক ধন্যবাদ জনাইছে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু সহকাৰী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।