ভয়াৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে আঠ সদস্যৰ মৃত্যু

Road accident

এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লৈছে একেটা পৰিয়ালৰে আঠ জনকৈ সদস্যই। এই ভয়াৱহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাৰমেৰ জিলাত। পৰিয়ালটোৱে যাত্ৰা কৰা SUV বাহনখনৰ এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই মৰ্মান্তিক ঘটনা সংঘটিত হয়।

সোমবাৰে নিশা এই পৰিয়ালটোৰ সদস্য সকলে জালোৰৰ এখন বিয়াৰ পৰা বাৰমেৰ অভিমুখে যাত্ৰা কৰিছিল। দ্ৰুতবেগত আহি থকা গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিবাহস্থলীৰ পৰা গৈ থকা দ্ৰুতবেগী গাড়ীখনে গন্তব্যস্থানৰ পৰা আঠ কিলোমিটাৰ দূৰত্বত ট্ৰেইলাৰখনৰ সৈতে মাৰে। দুৰ্ঘটনাটোত ছয়জন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে দুজন ব্যক্তিৰ চিকিৎসালয়ত মৃত্যু হয়।

SUV বাহনখনত মুঠ নজন লোকে আছিল। ইয়াৰে আঠজনে ইতিমধ্যে মৃত্যুক সাবটি লৈছে। নিহতসকলক পুনমা ৰাম (৪৫), প্ৰকাশ বিষ্ণৈ (২৮), মনীষ বিষ্ণৈ(১২), ৰাজকুমাৰ বিষ্ণৈ(৫), ভগীৰথ ৰাম (৩৮), পুনমা ৰাম (৪৮), মঙ্গিলাল বিষ্ণৈ (৩৮) আৰু বুধাৰাম বিষ্ণৈ (৪০) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আনজন ব্যক্তি বৰ্তমান স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।