নাগ্ৰীজুলিত মেথোনৰ আক্ৰমণত আঠ গৰাকী লোক আহত

a meth

বিহুৰ আনন্দ উল্লাসৰ মাজতে আজি নাগ্ৰীজুলিৰ সাহপুৰ গাঁওত দুটাকৈ বনৰীয়া গৰু ( মেথোন) আবিৰ্ভাৱ হৈ গাঁও খনত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।

জানিব পৰা মতে গাঁওবাসীয়ে কালি পুৱা ৮-০০ মান বজাত গাঁওখনত দুটা মেথোন প্ৰত্যক্ষ কৰে। লগে লগে গাঁওখনত তীব্ৰ আতংকৰ সৃষ্টি হয়। লগে লগে গাঁও খনত হাহাকাৰ লাগে আৰু মেথোন দুটা চাবলৈ অগণন লোক সমবেত হয়।

ৰাইজৰ হাই উৰুমীৰ মাজত মেথোন দুটা অধিক আক্রমণাত্মক হৈ পৰে আৰু ৰাইজক আক্ৰমণ কৰে। খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল সাহপুৰ গাঁওত উপস্থিত হয়।

আনফালে খবৰ লাভ কৰি কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা বনাঞ্চলিক বিষয়া প্ৰণৱ দাসৰ নেতৃত্বত এটি বন বিভাগৰ দলৰ লগতে তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বন বিষয়া-কৰ্মচাৰীৰ দল ও গাঁওখনত উপস্থিত হয়। মানস শশী খুঙ্গুৰ ইক’ টুৰিজিম চ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী আহিও গাঁও খনত উপস্থিত হয়।

ইতিমধ্যে পুৱাৰ পৰা বনৰীয়া মেথোন দুটাৰ ধাৰাবাহিক আক্ৰমণৰ ফলত সাহপুৰ গাঁওৰ চুফিয়া খাতুন, বাসন্তী দাস, নুৰুল হুছেইন, তবিবৰ ৰহমান, ছালাম আলী, ডোঙাৰগাঁওৰ সমীন বায়ন, ১ নং কালচেনী গাঁওৰ মুকুন্দ কলিতা, আৰু বন বিভাগৰ হীৰেন বড়ো নামৰ লোক এজন সহ মুঠ আঠ গৰাকী লোক মেথোন দুটাৰ আক্ৰমণত আহত হয়।

আহত আটাইকেইগৰাকী লোকক প্ৰথমে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ইয়াৰে গুৰুতৰ ভাৱে আহত নুৰুল হুছেইন, সমীন বায়ন আৰু মুকুন্দ কলিতাৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

ইপিনে মেথোনৰ ধাৰাবাহিক আক্ৰমণত আঠ জনকৈ লোক আহত হোৱাৰ পিছত স্থানীয় লোক ক্ষোভিত হৈ পৰে আৰু বন বিভাগৰ এখন গাড়ীত আক্ৰমণ কৰে আৰু উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। বাতৰি লিখাৰ পৰলৈকে মেথোন দুটাই গাঁও খনত আতংকৰ সৃষ্টি কৰি আছে।

আৰক্ষী আৰু বন বিভাগৰ লোকে গাঁও খনত তহল দি আছে যদিও মেথোন দুটাক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। কুমাৰীকাটা বানাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ আঞ্চলিক বন বিষয়া প্ৰণৱ দাসে সংবাদ মাধ্যমৰ আগত কয়- ”মেথোন দুটা ভূটান সীমান্তৰ পাহাৰৰ পৰা বাল্টি নদীৰ বুকুৱেদি আহি গাঁও খনত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হৈছে। মেথোন দুটাক ট্ৰেংকুলাইজ কৰি ধৰিব লাগিব। ইয়াৰ বাবে আমি ইতিমধ্যে মানস অভয়াৰণ্যৰ বিশেষজ্ঞ দলৰ লগত যোগাযোগ কৰিছো। যদি নিশাৰ ভাগত মেথোন দুটা পাহাৰলৈ উভতি নাযায় তেন্তে কাইলৈ মেথোন দুটাক ট্ৰেংকুলাইজ কৰি ধৰাৰ ব্যৱস্থা কৰা হব। ”