NORTHEAST NOW (Assamese)

নাইজেৰিয়াৰ তেল শোধনাগাৰত ভয়াবহ বিস্ফোৰণ: ৮০ জনৰো অধিক ব্যক্তিৰ মৃত্যু

April 24, 2022 6:42 pm · এন ই নাও নিউজ, গুৱাহাটী

দক্ষিণ নাইজেৰিয়াৰ এটা অবৈধ তেল শোধনাগাৰত সংঘটিত বিস্ফোৰণত ৮০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে।

অঞ্চলটোৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ঘটনাস্থলীত ৮০ টা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰে।

বিস্ফোৰণৰ পৰা ৰক্ষা পাবলৈ বহু কৰ্মচাৰীয়ে কাষৰীয়া অৰণ্যলৈ পলায়ন কৰাৰ বাবে অৰণ্যতো বহুতো মৃতদেহ পোৱা যাব পাৰে বুলি সন্দেহ কৰা হৈছে।

চুৰি কৰা অশোধিত তেল আৰু পেট্ৰ’লিয়াম সামগ্ৰী সংশোধন কৰাত ব্যৱহৃত যন্ত্ৰ-পাতিকে ধৰি কেইবাখনো বাহন আৰু জেৰী-কেন জুইত সম্পূৰ্ণৰূপে ধ্বংস হোৱা অৱস্থাত পোৱা গৈছে।

জানিব পৰা মতে এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা শুকুৰবাৰে সংঘটিত হৈছিল।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্ফোৰণটোত ১০০ ৰো অধিক লোক নিহত হৈছিল।

Related News