NORTHEAST NOW (Assamese)

পুনৰ বিয়া কৰোৱাৰ ইচ্ছা ৮০ বছৰীয়া বৃদ্ধৰ! বাধা দিয়া পুত্ৰক গুলীয়াই হত্যা

March 11, 2025 5:12 pm · এন ই নাও নিউজ, গুৱাহাটী

২০ বছৰ পূৰ্বে পত্নীৰ মৃত্যু হোৱা বাবে দ্বিতীয় বাৰৰ বাবে বিয়া পাতিবলৈ ইচ্ছা কৰিছিল বৃদ্ধজনে। কিন্তু ৰাজকোটৰ জাছডান অঞ্চলত এই বিবাদৰ বাবে এজন ৮০ বছৰীয়া যুৱকে নিজৰ পুত্ৰক গুলীয়াই হত্যা কৰে।

এই ঘটনাত প্ৰভাত বৰিচা (৫২)ৰ মৃত্যু হয়।মৃতকৰ পত্নী জয়বেনে পলায়ন কৰি ৰক্ষা পৰে। নহলে বুঢ়াজনেও তেওঁকো হত্যা কৰিলেহেঁতেন বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰামভাই বৰিচা অৰ্থাৎ অভিযুক্তক।

উপ আৰক্ষী অধীক্ষক কে জি জালাই দিয়া তথ্য অনুসৰি সোমবাৰে ৰামভাইয়ে পুত্ৰ প্ৰভাত বৰিচাক গুলীয়াই হত্যা কৰে। যদিও মাটিৰ বিবাদক লৈ হত্যাকাণ্ড যেন লাগিছিল, পিছলৈ কাৰণটো স্পষ্ট হৈ পৰিছিল।

ৰামভাইৰ পুনৰ বিবাহৰ ইচ্ছাক লৈ কিছুদিনৰ পৰা পৰিয়ালটোৰ ভিতৰত বিবাদ চলি আছিল। সেই খঙৰ পৰাই তেওঁ নিজৰ পুত্ৰক হত্যা কৰাৰ সিদ্ধান্ত ললে। ৰামভাইৰ শাহুৱেকে কয় যে চলি থকা সংঘাতৰ মাজতে তেওঁ পৰিয়ালটোক ধ্বংস কৰাৰ ভাবুকি দিছিল।

ঘটনাৰ দিনা ৰাতিপুৱা প্ৰভাতৰ পত্নী জয়বেনে স্বামীৰ সৈতে শহুৰেকক চাহ আগবঢ়াবলৈ গৈছিল। উভতি আহোঁতে হঠাতে দুটা বন্দুকৰ গুলীৰ শব্দ শুনিলে। অলপ পাছতে ৰামভাই বন্দুক লৈ ওলাই আহি জয়াবেনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে। তাৰ পৰাই তেওঁ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰে।

জয়বেনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰামভাই বৰিচাক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।

Related News