• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ বাজেট জনগণৰ জলন্ত আৰু মৌলিক সমস্যা সমাধানত ব্যৰ্থ : চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 5:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা ২০২৫-২৬ বৰ্ষৰ বাজেটখনে ৰাজ্যখনৰ জনগণৰ জ্বলন্ত আৰু অৰ্থনীতিৰ মৌলিক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যর্থ হৈছে। এইখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনৰ অন্তিম পূৰ্ণাংগ বাজেট আছিল বুলি উল্লেখ কৰি চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এটা বিবৃতিত কয়-অর্থনৈতিকভাবে অনগ্ৰসৰ ৰাজ্যখনৰ মূল সমস্যা হৈছে ক্রমবর্ধমান নিবনুৱা, শিল্প আৰু কৃষিৰ পঁয়ালগা অৱস্থা, বানপানী-গৰাখহনীয়াৰ বছৰেকীয়া তাগুর, শ্রমিক-কৃষক তথা শ্রমজীৱী ৰাইজৰ আয় আৰু মজুৰিৰ ক্ৰমাগত সংকোচন ইত্যাদি।

বাজেটত ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৫ চনৰ জানুৱাৰী মাহলৈকে ১ লাখ ১৯ হেজাৰ ৮৯৯ গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূৰ্ণ কৰা হৈছে বুলি আত্মপ্রসাদ লাভ কৰিছে। কিন্তু অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা এতিয়া ৩৫ লাখকো চেৰাই গৈছে।

Apply Now

বাজেটত এডভান্টেজ আছাম ২.০ক যুগান্তকাৰী পদক্ষেপ’ বুলি অভিহিত কৰা হৈছে। পিছে, এডভান্টেজ আছাম ১.০ৰ পিছত কিমান বিনিয়োগ অসমলৈ আহিল তাৰ কোনো উল্লেখ নাই। তেনে ধৰণে যোৱা পাঁচবছৰত যি ২লাখ ১০ হেজাৰ ৯৮২ টা ক্ষুদ্র, সৰু আৰু মজলীয়া উদ্যোগ ৰাজ্যখনত বন্ধ হৈ গৈছে তাৰো কোনো উল্লেখ নাই। এইবোৰ বন্ধ হৈ যোৱাৰ ফলত তিনি লাখৰো অধিক শ্রমিক-কর্মচাৰীয়ে কর্মসংস্থাপন হেৰুৱাইছে। অর্থচ এই খণ্ডটোক বিকশিত কৰিবলৈ বাজেটত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা হোৱা নাই। শিল্পায়নৰ আন্তঃগাঁথনিৰ অপৰিহাৰ্য উপাদান হৈছে বিদ্যুৎ। কিন্তু বিদ্যুতৰ চৰম নাটনিৰ সত্ত্বেও ৰাজ্যৰ নিজস্ব বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে বাজেটত কোনো পৰিকল্পনা বা কার্যকৰী আঁচনি নাই। তেনেকৈ কৃষিত জলসিঞ্চনৰ সুবিধা ক্রমাগতভারে সংকুচিত হৈ ২০২২-২৩ চনত মুঠ খাদ্যশস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা মাটিৰ মাত্র ২.৩৬ শতাংশলৈ হ্রাস পাইছে। আজি জলসিঞ্চনৰ সৰ্বভাৰতীয় গড় হৈছে মুঠ কৃষি ভূমিৰ ৩৫ শতাংশ আৰু আমাৰ ৰাজ্যত মাত্র ২.৩৫ শতাংশ। অসমত ৬২ লাখ ৭৫ হেজাৰৰো বেছি এমজিএনৰেগাৰ জবকার্ড প্রাপ্ত শ্রমিক আছে। কিন্তু ২০২৩-২৪৩ ইয়াৰ মাত্র ০.২০ শতাংশই বছৰত ১০০ দিন নিজৰ কাম পাইছে। ৫১ শতাংশ পঞ্চায়তত এদিনো কাম উক্ত আঁচনিৰ অধীনত দিব পৰা নাই। কিন্তু বাজেটত এমজিএনৰেগা আঁচনিৰ কৰ্মদিন আৰু মজুৰি বৃদ্ধি সম্পর্কে কোনো ব্যৱস্থাৰ উল্লেখ নাই। চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৬৬১ টকা আদায় দিয়াৰ দাবী এইবাৰৰ বাজেটতো পূৰণ নহ’ল। এইবেলিৰ বাজেটত আঁচনিভুক্ত কৰ্মচাৰীসকলক চূড়ান্তভাৱে প্ৰৱঞ্চনা কৰা হ’ল। অথচ এইসকল কৰ্মচাৰীৰ মজুৰি বৃদ্ধি আছিল অতি জৰুৰী। তেওঁলোকৰ মজুৰি বৃদ্ধিৰ বিষয়টো অক্টোবৰ মাহলৈ পিছুৱাই দিয়া হ’ল। কিন্তু কিমান বৃদ্ধি হ’ব সেয়াও অনিশ্চিত কৰি ৰখা হ’ল।

চৰকাৰে বাজেটত দাবী কৰিছে যে শ্রম শক্তিৰ অংশগ্ৰহণৰ হাৰ ৰাজ্যখনত ৪২.৭ শতাংশলৈ বৃদ্ধি পাইছে। এই হাৰ হৈছে ১৫ বছৰ আৰু তাৰ ওপৰৰ কৰ্মক্ষম মানুহৰ কিমানে কৰ্মৰত তাৰ হিচাপ। অর্থাৎ চৰকাৰী ভাষ্যমতেই কর্মক্ষম মানুহৰ ৫৭.৩ শতাংশই ৰাজ্যত কর্মহীন। শ্রমশক্তিৰ অংশগ্ৰহণৰ সৰ্বভাৰতীয় গড় হাৰ হৈছে ৫৪.৯ শতাংশ। ইয়াৰ পৰাই অসমৰ নিবনুৱা সমস্যাৰ বিস্ফোৰক মাত্ৰাৰ উমান পোৱা যায়। দায়িত্বভাৰ লোৱাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৰাজ্যিক বাজেটৰ এশ শতাংশ পুঁজিয়েই জানুৱাৰী-ফেব্ৰুৱাৰীৰ ভিতৰত ব্যয় কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। অথচ এইবাৰৰ বাজেটত চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে মুঠ ধাৰ্য ব্যয়ৰ ৮৫ শতাংশহে ব্যৱহাৰ কৰা হৈছে। মূলধনী ব্যয়ৰ মাত্র ৫৫.৬৪ শতাংশহে ব্যৱহাৰ কৰা হৈছে। অসমৰ দৰে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ৰাজ্যত মূলধনী শিতানত ধাৰ্য ধনৰ মাত্র ৫৫শতাংশ ব্যয় কৰাটো এক অপৰাধ।

২০২৬ ৰ নিৰ্বাচনক লক্ষ্য কৰি লৈ চৰকাৰে বাজেটত বিভিন্ন আঁচনিৰে এতিয়া ১ কোটি ৩০ লাখৰো অধিক হিতাধিকাৰী সৃষ্টি কৰিছে। এনে হিতাধিকাৰীসকলক শাসক দলৰ ভোট বেংকত পৰিণত কৰাৰ প্ৰক্ৰিয়া চলিব পাৰে, কিন্তু ই ৰাজ্যখনৰ স্থায়ী উন্নয়ন আৰু জনগণৰ জীৱনমান উন্নত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায়ক নহয়। আজি ৰিজার্ভ বেংকৰ তথ্যমতেও জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫খন ৰাজ্যৰ ভিতৰত অসমৰ অৱস্থান হৈছে ২২ সংখ্যক। নীতি আয়োগৰ সমীক্ষামতে সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত দেশৰ ২৮খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৫নম্বৰত।

বাজেটত সম্পদ সংগ্ৰহৰ যি ব্যৱস্থা ৰখা হৈছে তাৰ অধিকাংশই হৈছে ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধন। ৰাজ্যৰ নিজস্ব সম্পদ সংগ্রহ ২৭-২৮ শতাংশতেই সীমাৱদ্ধ। অর্থাৎ এক কথাত পৰনিৰ্ভৰশীল বাজেট। ১৫৫৪২৮.৭৫ কোটি টকাৰ যি ‘প্রাপ্তি প্ৰদৰ্শন’ কৰা হৈছে সেয়া শেষ পর্যন্ত সংগৃহীত হ’ব নে নাই সেই সম্পর্কে যথেষ্ট সন্দেহ আছে। পৰিণতিত যিখিনি ব্যয় বিভিন্ন শিতানত ধাৰ্য কৰা হৈছে, সেইখিনিও বাস্তৱত কৰিব পাৰিব নে নাই সেয়াও এক প্রশ্নবোধক চিহ্ন। মুঠ কথা এই বাজেটে ৰাজ্য আৰু জনগণৰ মৌলিক সমস্যাৰ কোনো সমাধান নকৰে বুলি চিপিআই (এম)ৰ ৰাজ্যিক কমিটিয়ে মত প্রকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd