নিৰ্বাচন আয়োগৰ বিষয়াৰ কাণ্ড : চিপিআই(এম) নেতাৰ বাহন পৰীক্ষাৰ নামত ৰাজপথত অযথা হাৰাশাস্তি 

আজি ৭ এপ্ৰিলৰ আগবেলা চিপিআই(এম) দলৰ জ্যেষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আৰু পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সদস্য, যুৱনেতা ৰিতুৰঞ্জন দাস সৰভোগ অভিমুখে গৈ থকা অৱস্থাত বৰপেটা জিলাৰ পাকা-বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ভৱানীপুৰৰ কাষৰ ইটাভাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সাংসদ বৰ্মনৰ গাড়ীখন নিৰ্বাচন আয়োগৰ বিষয়া আৰু আৰক্ষীয়ে ৰখাই বাহনৰ ভিতৰত থকা সামগ্ৰী পৰীক্ষা কৰাৰ নামত তেওঁলোকক দীৰ্ঘ সময়  আবদ্ধ কৰি ৰাখে। 

উল্লেখযোগ্য যে সৰভোগ অঞ্চলৰ সদ্য প্ৰয়াত পাৰ্টি সমৰ্থক হজিন দাসৰ পৰিয়ালৰ খবৰ ল’বলৈ উদ্ধব বৰ্মনে ৰিতুৰঞ্জন দাসৰ সৈতে গৈ আছিল। গাড়ীত আছিল গুৱাহাটীৰ ৰাজ্যিক পাৰ্টি অফিচৰ পৰা সৰভোগ পাৰ্টি অফিচলৈ কঢ়িয়াই নিয়া  ৫,০০০ নিৰ্বাচন সংক্ৰান্ত গোহাৰি-পত্ৰ আৰু পাৰ্টিৰ মুখপত্ৰ ‘গণশক্তি’ কাকতৰ এটা সৰু টোপোলা। বৰপেটা লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত ভোটদাতা ৰাইজৰ প্ৰতি আৱেদন হিচাপে প্ৰকাশ কৰা হৈছিল সেই পাঁচ হেজাৰ গোহাৰি-পত্ৰ। গাড়ীত কোনো টকা-পইচা নাপাই গোহাৰি পত্ৰখিনিকে আপত্তিজনক বস্তু বুলি নিৰ্বাচনী বিষয়া আৰু আৰক্ষীয়ে নানা প্ৰশ্ন কৰিব ধৰে আৰু নিৰ্বাচন আয়োগৰ ফ্লাইং স্কোৱাডে প্ৰায় ৪৫ মিনিট সময় পথৰ ওপৰতে আবদ্ধ কৰি ৰাখে ৮৩ বছৰীয়া প্ৰাক্তন সাংসদ উদ্ধব বৰ্মনক। প্ৰচণ্ড গৰমত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অসহায়ভাৱে ঠিয় হৈ থাকিবলগীয়া হয় বয়োজ্যেষ্ঠ নেতা জন। পাৰ্টিৰ নেতা দুজনে নিৰ্বাচন আয়োগৰ নিয়ম-নীতিৰ কথা উল্লেখ কৰিছিল যদিও কোনো কথা মানিবলৈ ৰাজি নহৈ কেৱল ওপৰৰ নিৰ্দেশ বুলি কৈ দুয়োজন পাৰ্টি নেতাক পথতে ৰখাই থয়। পাছত চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে নিৰ্বাচনী প্ৰচাৰ পত্ৰ বাহনত কঢ়িয়াই নিয়াত আয়োগে কোনো বাধা আৰোপ কৰা নাই। 

যিসময়ত মুখ্যমন্ত্ৰী আৰু বিজেপি দলে পদে পদে নিৰ্বাচনী বিধি ভংগ কৰিছে সেই সময়তে এগৰাকী প্ৰাক্তন সাংসদে ব্যক্তিগত বাহনত মাত্ৰ ৫ হাজাৰ গোহাৰি পত্ৰ কঢ়িয়াই  নিয়াৰ বাবেই নিৰ্বাচন আয়োগৰ ফ্লাইং স্কোৱাডে আবদ্ধ কৰি ৰখা কাৰ্যক চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা আৰু প্ৰতিবাদ কৰিছে। এয়া স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ আখৰা নে বিৰোধী নেতা-কৰ্মীক হাৰাশাস্তি কৰাৰ কৌশল বুলি পাৰ্টিয়ে প্ৰশ্ন উত্থাপন কৰিছে   এই অবাঞ্চিত ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ পাৰ্টিয়ে দাবী জনাইছে।