লোকপিয়লৰ বাবে গঠন কৰা আয়োগৰ প্ৰতিবেদন অনুসৰি কৰ্ণাটকত চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত মুঠ খালী পদৰ ৮৫ শতাংশই সংৰক্ষণৰ অধীনত আছে! ৰাহুল গান্ধীয়ে প্ৰস্তাৱ কৰা জাতি জৰীপৰ ভিত্তিত সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিয়ম ভংগ কৰিব লাগিব, কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো ৰাজ্যত সংৰক্ষণৰ পৰিমাণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে।
দীৰ্ঘদিন ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশজুৰি জাতিগত লোকপিয়লৰ দাবী জনাই আহিছে। অৱশ্যে কংগ্ৰেছ নেতা গৰাকীৰ দাবীৰ পূৰ্বেই নীতিশ কুমাৰে বিহাৰত জাতিগত জনগণনা কৰে। পিছলৈ কৰ্ণাটকতো জাতিগত জনগণনা কৰা হয়। কিন্তু সেই প্ৰতিবেদন বহু সময় ধৰি প্ৰকাশ কৰা নাছিল। বিশেষ সূত্ৰ আনুসৰি জাতি জনগণনাক লৈ ৰাজ্যৰ কংগ্ৰেছ নেতাসকলৰ কিছু আপত্তি আছিল। কিন্তু হাইকমাণ্ডৰ নিৰ্দেশত লোকপিয়ল আয়োগে সেই আপত্তি নাকচ কৰি প্ৰতিবেদন প্ৰকাশ কৰিছে।
ৰাজ্যখনৰ জনগাঁথনি বিবেচনাৰ পাছত অ’বিচিৰ বাবে সংৰক্ষণ ৫১ শতাংশলৈ বৃদ্ধি কৰিব লাগে বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লাগে। যিটো পূৰ্বে ৩২ শতাংশ আছিল। এই বৃদ্ধিৰ পাছত মুঠ সংৰক্ষণ ৮৫ শতাংশ হ’ব। অৰ্থাৎ চৰকাৰী চাকৰি বা শিক্ষানুষ্ঠানত মাত্ৰ ১৫ শতাংশ আসনহে অসংৰক্ষিত হৈ থাকিব। আয়োগৰ প্ৰতিবেদন অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ পৰিমাণ ২৪ শতাংশ হ’ব লাগে। ইয়াৰ লগতে ইতিমধ্যে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো ৰাজ্যত সংৰক্ষণৰ পৰিমাণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে। কৰ্ণাটকৰ এই আইন কাৰ্যকৰী কৰিবলৈ সেই নিয়ম ভংগ কৰিব লাগিব। ৰাজ্যৰ বিধানসভাত এই বিধেয়ক গৃহীত হ’লেও ই আইনত পৰিণত নহ’ব৷ এই আইনখন কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ অনুমতিৰ প্ৰয়োজন হ’ব। তদুপৰি কৰ্ণাটকৰ সিদ্দাৰমাইয়া চৰকাৰে প্ৰতিবেদনখন কাৰ্যকৰী কৰিবলৈ কিমান আগ্ৰহী সেই লৈও সন্দেহৰ সৃষ্টি হৈছে।