APSC (প্ৰাৰম্ভিক) পৰীক্ষাত ৮৯৮ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে শীৰ্ষত এছ পি এম আইএএছ একাডেমি

একক প্ৰতিষ্ঠানৰ পৰা সৰ্বকালৰ সৰ্বাধিক উত্তীৰ্ণ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

শেহতীয়াকৈ ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ(প্ৰাৰম্ভিক) ফলাফলত ৮৯৮ গৰাকী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতেই শীর্ষত উজ্বলিল এছ পি এম আইএএছ একাডেমি।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত এখন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ন শতাধিক শিক্ষাৰ্থী উত্তীর্ণ হোৱাৰ এয়াই প্ৰথম ঘটনা।

বৃহস্পতিবাৰে গুৱাহাটীৰ জু- ৰোড স্থিত শিক্ষানুষ্ঠান খনৰ নিৰ্দেশক চিন্ময় বৰদলৈ আৰু শিক্ষানুষ্ঠান খনৰ সঞ্চালক প্ৰধান বিবেক খেটাৱাতে এক সংবাদ মেল সম্বোধন কৰি শিক্ষানুষ্ঠান খনৰ অশেষ কষ্ট আৰু গভীৰ অধ্যয়নৰ জৰিয়তে শিক্ষাৰ্থী সকলে এছ পি এম আইএএছ একাডেমিক ৰাজ্যৰ ভিতৰতেই শীৰ্ষত উপনীত কৰাৰ বাবে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰচুৰ সম্ভাৱনাপূর্ণ অসমৰ শিক্ষাৰ্থী সকলক গৃহভূমিত থাকিয়েই সৰ্বভাৰতীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষা সমূহৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্য ২০১৯ চনত কেইগৰাকীমান উদীয়মান যুৱকৰ প্রচেষ্টাত প্ৰাণ পাই উঠিছিল এছ পি এম আইএএছ একাডেমি।

যোৱা দুবছৰ ধৰি অসমৰ শিক্ষাৰ্থী সকলক অনলাইন যোগে Youtube channel – SPM IAS academyৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে সহায়ক হোৱাকৈ সাধাৰণ জ্ঞান আৰু বাতৰি কাকতৰ পৰ্যালোচনাৰ শ্ৰেণী বিনামূলীয়াকৈ আগবঢ়াই আহিছে।

আনকি দৰিদ্ৰ মেধাবী ছাত্ৰ ছাত্ৰীৰ বাবে এণ্ট্ৰেন্স অনুষ্ঠিত কৰি উত্তীৰ্ণ সকলৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে।

প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ লোৱা ২০০০ ছাত্ৰ-ছাত্ৰীৰ মুঠ ৮৯৮ গৰাকী উত্তীৰ্ণ হোৱা বুলি জনায় চিন্ময় বৰদলৈয়ে।

উল্লেখযোগ্য যে, সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলক প্ৰস্তুত কৰি তুলিবলৈ আই আই টি ৰৰকী আৰু কানপুৰৰ অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয় শিক্ষানুষ্ঠান খনত।

বৰদলৈয়ে লগতে জানিবলৈ দি কয় “অসমত থাকিয়েই দিল্লীৰ কোচিং প্ৰতিষ্ঠান সমূহৰ দৰেই পৰিৱেশ শিক্ষাৰ্থী সকলক দিব পৰাকৈ উন্নত মানৰ ডিজিটেল আন্তঃগাঁঠনিৰ ব্যৱস্থা কৰা হৈছে এছ পি এম আইএএছ একাডেমিত।”

প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত এই বৃহৎ সফলতাৰ পাছত অচিৰেই শিক্ষাৰ্থী সকলক মূল পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পৰাকৈ পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান খন প্ৰস্তুত হোৱা বুলি সংবাদ মেলত সদৰী কৰে বৰদলৈয়ে।
ইপিনে, প্ৰতিষ্ঠানখনত অধ্যয়নৰত: যিসকলে এইবাৰ উত্তীৰ্ণ হ’ব নোৱাৰিলে সেইসকলে পুনৰ বিনামূলীয়াকৈ কোচিং লব পাৰিব বুলি জনায় বৰদলৈয়ে।