হিমাচল প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৯জন যাত্ৰীয়ে

হিমাচল প্ৰদেশৰ চাম্বা জিলাত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

আজি পুৱা ১০.১৫ বজাত জিলাখনৰ অত্যন্ত ভিতৰুৱা ঠাইত এখন যাত্ৰীবাহী বাছ ২০০ মিটাৰ দ খাৱৈত পতিত হয়।

ইতিমধ্যে ৯জন যাত্ৰীৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৯জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে।

চাম্বা চহৰৰৰ পৰা ৬৬ কিলোমিটাৰ দূৰত্বৰ চুৰাহ নামৰ ঠাইখনৰ বন্দেদি-টিচ্ছা পথত দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

এইচপি৭৩এ১৩১৬ নম্বৰৰ ব্যক্তিগত বাছখনত ১৮ জন যাত্ৰী গৈছিল।

বাছখন বন্দেনিৰ পৰা চাম্বালৈ গৈ আছিল।

মৃত্যু হোৱা ৯ জন যাত্ৰীৰ ভিতৰত ৬জনে ঠিতাতে প্ৰাণ হেৰুৱায়।

আঘাটপ্ৰাপ্তকেইজনক চাম্বা মেডিকেল কলেজ আৰু হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

টিচ্ছা মহকুমাৰ দণ্ডাধীশে দুৰ্ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছে।

ইতিমধ্যে মৃতকৰ আত্মীয়লৈ ২০,০০০ টকা আৰু আঘাটপ্ৰাপ্তসকলৈ ৫,০০০ টকা তৎকালীন সাহাৰ্য প্ৰেৰণ কৰা হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে শোকাৱহ দুৰ্ঘটনাটোত পতিত হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰীজনে কয় যে জিলা প্ৰশাসনে ভুক্তভোগীসকলৰ স’তে যোগাযোগ অব্যাহত ৰাখিছে আৰু আঘাটপ্ৰাপ্তসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব।