NORTHEAST NOW (Assamese)

তামিলনাডুত শোকাৱহ ঘটনাঃ আতচবাজী কাৰখানাত বিস্ফোৰণত ৯ শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

February 17, 2024 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

তামিলনাডুত আজি সংঘটিত হৈছে এক ভয়াৱহ বিস্ফোৰণ। ৰাজ্যখনৰ বিৰুধুনগৰ জিলাৰ এটা আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণত ৯ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়।

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে, বিস্ফোৰণৰ পৰিসৰ ইমানেই অধিক আছিল যে আতচবাজী কাৰখানাটোৰ উপৰিও চাৰিটা অট্টালিকাৰো বিস্তৰ ক্ষতিসাধন হয়।

ব্যক্তিগত মালিকানাধীন এই কাৰখানাটো মহানগৰীৰ ভেম্বাকোটাই নামৰ অঞ্চলত আছিল। ঘটনাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

দলটোৱে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি বিস্ফোৰণত ৭জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুজন লোকে চিকিৎসালয়লৈ যোৱাৰ পথত গুৰুতৰ আঘাতৰ বাবে মৃত্যুক সাৱটি লয়।

প্ৰাথমিক তদন্তত কাৰখানাটোৰ ৰাসায়নিক মিশ্ৰণ কক্ষত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰে।

 

Related News