NORTHEAST NOW (Assamese)

লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চামগুৰি সমষ্টিত ভোটদানৰ হাৰ ৯০ শতাংশ

April 12, 2019 5:06 pm · ভাৰ্গব হাজৰিকা

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বৃহস্পতিবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি সমষ্টিত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায়৷ চামগুৰি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোট কেন্দ্ৰত ভোট দিবলৈ প্ৰখৰ ৰদকো নেওচি ৰাইজ পুৱাৰ পৰা বিয়লি পৰ্য্যন্ত ওলাই অহা পৰিলক্ষিত হয়৷

আনহাতে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বৃহস্পতিবাৰে পৰিয়ালসহ চামগুৰিৰ আমনিস্থিত আমনিবস্তি প্ৰাথমিক বিদ্যালয় (পশ্চিম খণ্ড)ত থকা ২৪নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷নিজ পত্নী-পুত্ৰসহ নিৰ্দিষ্ট কেন্দ্ৰত ভোট প্ৰদান কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাতকাৰত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে।

ইফালে বৃহস্পতিবাৰে পুৱা ভাগত চামগুৰিৰ কেইবাটাও ভোট কেন্দ্ৰত ই ভি এমৰ কাৰিকৰী অসুবিধাৰ কাৰণে ভোটাৰ ৰাইজে ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু পলম হয় যদিও সামগ্ৰীকভাৱে দিনটোৰ অন্তলৈ ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱেই অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে অনুষ্ঠিত সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দিনটোত চামগুৰি বিধানসভা সমষ্টিত প্ৰায় ৯০ শতাংশ নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰে বুলি জানিব পৰা গৈছে।

Related News