• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলেকট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা বৰঙণিৰ বিশদ তথ্য দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2019 5:17 pm
Ranjan-Gogoi-Deepak-Gupta-and-Sanjiv-Khanna
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সকলোবোৰ ৰাজনৈতিক দলকে তেওঁলোকে ইলেকট’ৰেল বণ্ডৰ জৰিয়তে গ্ৰহণ কৰা বৰঙণিৰ বিশদ তথ্য ভাৰতৰ নিৰ্বাচন আয়োগক দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে।

এই তথ্যসমূহ বন্ধ খামত অহা ৩০ মে’ৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। তদুপৰি, ৰাজনৈতিক দলবোৰে এতিয়ালৈকে গ্ৰহণ কৰা বৰঙণিৰ সকলো তথ্য দাতাৰ সবিশেষ, বেংক একাউন্ট আৰু আনুষংগিক নথিৰ সৈতে দাখিল কৰিব লাগিব।

Apply Now

এছোচিয়েশ্যন অফ ডেম’ক্ৰেটিক ৰিফ’ৰ্মছে দাখিল কৰা এখন আবেদনৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপক গুপ্তাক লৈ গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

তিনিখন আইন ক্ৰমে ইনকম টেক্স আইন, আৰ বি আই আইন আৰু ৰিপ্ৰেজেন্টেশ্যন অফ পিপল আইনৰ সংশোধনীৰ দ্বাৰা ফাইনেন্স এক্ট ২০১৭ৰ জৰিয়তে ইলেকট’ৰেল বণ্ডৰ শুভাৰম্ভ কৰা হৈছিল।

আবেদনখনত ফাইনেন্স এক্ট ২০১৭ আৰু ফাইনেন্স এক্ট ২০১৬ৰ জৰিয়তে পাঁচটা প্ৰধান সংশোধনী অনাৰো অভিযোগ কৰা হৈছে।

আবেদনকাৰীয়ে লগতে কোম্পানী এক্টৰ ১৮২ ধাৰাৰ সংশোধনীকো প্ৰত্যাহ্বান জনায়। ইয়াৰ জৰিয়তে ৰাজনৈতিক দলবোৰক কোম্পানীসমূহে দিয়া বৰঙণিৰ ওপৰত এটা আৱৰণ আগবঢ়োৱা হৈছিল।

আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে আদালতত দাখিল কৰে যে এখন ইলেকট’ৰেল বণ্ড এখন প্ৰতিশ্ৰুতি পত্ৰৰ দৰে য’ত নেকি দাতাৰ নাম চুক্তিত নাথাকে। বণ্ডৰ ক্ৰেতাগৰাকী, দাতাজন প্ৰচ্ছন্ন হৈয়ে থাকে আৰু তেওঁলোকৰ সৱিশেষ নিৰ্বাচন আয়োগ বা আয়কৰ কৰ্তৃপক্ষৰ আগত প্ৰকাশ কৰাটো বাধ্যতামূলক নহয়।

আবেদনকাৰীয়ে লগতে আদালতক সামগ্ৰিকভাৱে এই আঁচনিখনৰ আইনগত বৈধতা সন্দৰ্ভত আদালতে সিদ্ধান্ত নোলোৱালৈকে অজ্ঞাত ইলেকট’ৰেল বণ্ড বিক্ৰীত অন্তৰ্ৱতীকালীন স্থগিতাদেশৰ বাবে অনুৰোধ জনাইছিল।

ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে আদালতক জনায় যে তেওঁলোকে যদিও ইলেকট’ৰেল বণ্ডৰ আঁচনিখনৰ বিৰোধিতা নকৰে, কিন্তু ইয়াৰ গোপনীয়তাৰ সপক্ষে নাই। নিৰ্বাচন আয়োগে এই আঁচনিখনৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত বিদেশী পুঁজিৰ প্ৰৱেশৰ শংকা কৰে আৰু ইয়ে ভাৰতীয় ৰাজনীতিৰ ওপৰত বিদেশী কোম্পানীৰ প্ৰভাৱৰ বাট মুকলি কৰাৰো আশংকা ব্যক্ত কৰে।

আনহাতে, কেন্দ্ৰই অৱশ্যে ভাৰতীয় ৰাজনীতিত ক’লা ধনৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে আঁচনিখন লোৱা বুলি সদৰী কৰে। ভাৰতৰ এটৰ্ণি জেনেৰেল কে কে ভেনুগোপালে চৰকাৰে ব্যৱস্থাটোৰ জৰিয়তে বণ্ড ক্ৰয়কাৰীৰ ব্যক্তিগত অধিকাৰ বজাই ৰাখি হিচাপ পত্ৰবোৰ মুকলি কৰি ৰাখিব লাগে। বণ্ড ক্ৰয়কাৰীৰ পৰিচয় প্ৰকাশ নকৰাটো গুৰুত্বপূৰ্ণ কিয়নো এগৰাকী ব্যক্তিয়ে কোনো দলক বৰঙণি নিদিয়াৰ পাছত ক্ষমতালৈ আহিলে ব্যক্তিজন ক্ষতিগ্ৰস্ত হ’ব পাৰে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd