মাজুলীত ৯০খন গাঁও বানৰ কবলত; ষষ্ঠ দিনৰ বাবে বন্ধ ফেৰীৰ চলাচল

মাজুলীত বানৰ ছবি। ফটো য়ু বি

ৰাজ্যৰ আন আন বানাক্ৰান্ত ঠাইৰ লগতে মাজুলীতো বৰ্তমান বান পৰিস্থিতিয়ে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। আজি ষষ্ঠ দিনালৈকে জিলাখনৰ ৯০খন ৰাজহ গাঁও বানৰ কবলত পৰাৰ লগতে ৭৮৫৪৭ গৰাকী লোক বান-বিপৰ্যয়ৰ সন্মুখীন হৈছে।

আজি নিশা পৰ্যন্ত বনপীড়িত ৰাইজৰ বাবে মাজুলী জিলা প্ৰশাসনে ৬ টা সাহাৰ্য্য শিবিৰ মুকলি কৰিছে। এই শিবিৰ কেইটাত এতিয়ালৈকে মুঠ ৪৬৯ গৰাকী লোকে আশ্ৰয় লৈ আছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

ইয়াৰে মহৰিচুক জনজাতি হাইস্কুলত মুকলি কৰা আশ্ৰয় শিবিৰত ১৭গৰাকী, দক্ষিণ আঁহতগুৰিৰ বানপীড়িত লোকসকলৰ বাবে ধোদাং নৱজ্যোতি হাইস্কুলত স্থাপন কৰা শিবিৰত ২০০ গৰাকী, পূব মাজুলীৰ মেৰাগড় মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা শিবিৰত ২০ গৰাকী, আউনিআটী হাইস্কুলৰ শিবিৰত ২০০ গৰাকী তথা কৰতিপাৰ গাঁও পঞ্চায়ত কাৰ্যালয় আৰু কৰতিপাৰ হাইস্কুলত থকা আন দুটা শিবিৰত ১০৭ গৰাকী বানপীড়িত লোকে আশ্ৰয় লৈ আছে।

জিলা প্ৰশাসনে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত আজি ৪১৭ কুইণ্টল চাউল, ৭৪.৭ কুইণ্টল দাইল, ২৩ কুইণ্টল নিমখ বিতৰণ কৰাৰ লগতে অতিৰিক্তভাৱে সাহাৰ্য্য শিবিৰত ৩০ লিটাৰ মিঠাতেল, ৩২ পেকেট চেৰেলেক, ১৩খন আঁঠুৱা, ২৫ পেকেট ম’হ খেদা ক’ইল, ৪৫ পেকেট ম’মবাতি আৰু ৪৪ খন টাৰ্পোলিন বিতৰণ কৰে।

ব্ৰহ্মপুত্ৰ মঠাউৰিৰ বিভিন্ন অংশত শেহতীয়াকৈ ওলোৱা পানীৰ উঁহৰ লগতে বৰষুণত খহা অংশসমূহ জিলা প্ৰশাসনৰ নিৰ্দেশত জলসম্পদ বিভাগে পুণৰ মেৰামতি কাৰ্য অব্যাহত ৰাখিছে বুলি জনোৱা হয়।

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপজ্জনক হৈ থকাৰ সূত্ৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগে আজি ক্ৰমাগত ষষ্ঠ দিনৰ বাবেও ব্ৰহ্মপুত্ৰত মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা বন্ধ ৰাখে।

এই ফেৰীসেৱা বন্ধ থকাৰ বাবে নিমাতী তথা যোৰহাটত আৱদ্ধ হৈ থকা মাজুলীৰ লোকসকলক ঘৰলৈ অহাৰ বাবে জিলা প্ৰশাসনে নিমাতীৰ পৰা ডিব্ৰুগড়, ধেমাজী, গোগামুখ, ঢকুৱাখনা হৈ মাজুলীলৈ বিনামূলীয়া বাছ চলোৱাৰ ব্যৱস্থা কৰিছ।