অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা : মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া

Nagaon encounter

অসম মানৱ অধিকাৰ আয়োগে নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা কৃৰ্তী কমল বৰাৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোক স্বতঃপ্ৰণোদিত ভাৱে গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।

অসম মানৱ অধিকাৰ আয়োগে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাক জাননী জাৰি কৰি ৰাজ্য চৰকাৰে ছাত্ৰ নেতাজনক কিয় ক্ষতিপূৰণ দিয়া নাই এই বিষয়ে প্ৰশ্ন কৰে।

সূত্ৰ অনুসৰি, আয়োগে ২৪ জানুৱাৰীত এক স্বতঃপ্ৰণোদিত নিৰ্দেশ জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে মানৱ অধিকাৰ উলংঘনৰ এয়া এক প্ৰাথমিক ঘটনা।

আয়োগৰ সদস্য নৱ কমল বৰাই কয় যে কীৰ্তি কমল বৰাক অন্তৱৰ্তীকালীন সকাহ হিচাপে কিয় ১.৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধৰ দিয়াটো কিয় উচিত নহয় সেই বিষয়ে ব্যাখ্যা কৰিবলৈ অসমৰ মুখ্য সচিবক জাননী জাৰি কৰাটো প্ৰয়োজনীয় বিষয়।

আয়োগে মুখ্য সচিবৰ উত্তৰ তথা বিষয়টোৰ শুনানিৰ পৰৱৰ্তী ২৮ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে।

২২ জানুৱাৰীৰ আৰক্ষীৰ এই গুলীচালনা ঘটনাক বিৰোধী দল আৰু সামাজিক সংগঠনসমূহে আৰক্ষীৰ জংঘল ৰাজৰ প্ৰভাৱ বুলি অভিহিত কৰি কয় যে বৰ্তমানৰ পৰিস্থিতি ১৯৯০ দশকত চলা গুপ্তহত্যাৰ দৰে কাণ্ডতকৈও অধিক বেয়া।

আৰক্ষীয়ে দাবী কৰিছিল যে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকজন ড্ৰাগছ বিক্ৰীৰ স’তে জড়িত হৈ আছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ পিছতহে আৰক্ষীয়ে ভৰিত গুলী মাৰিছিল।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ নাকচ কৰি কৈছে যে এজন যুৱকক সুৰাপায়ী আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিৰোধ কৰিছিল বাবেই ছাত্ৰ নেতাজনক গুলীচালনা কৰিছিল আৰক্ষীয়ে।

আনহাতে, ঘটনাটোৰ প্ৰতি ৰাজহুৱা সঁহাৰিৰ হেঁচাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৩ জানুৱাৰীত ঘোষণা কৰিছিল যে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া আয়োগে এই আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোৰ তদন্ত কৰিব।

অসম আৰক্ষীয়ে নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আৰক্ষীসকলক পিছদিনা আৰক্ষী ৰিজাৰ্ভলৈ প্ৰেৰণ কৰিছিল।

ইফালে, ঘটনাটোক লৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এতিয়া ৰাইজৰ ৰোষত পৰা বুলিও জানিব পৰা গৈছে।

বিৰোধী ৰাজনৈতিক দলবোৰেও চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই আছে।

তদুপৰি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে যদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ভুৱা সংঘৰ্ষত আৰু বহুতো নিৰীহ লোক নিহত হ’ব।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত আৰক্ষীয়ে নিৰীহ লোকসকলক অপৰাধী সজাই হত্যা কৰি আহিছে বিভিন্ন সময়ত।

ৰাজ্যৰ গৃহ বিভাগৰ অধীনত আৰক্ষীয়ে সংঘটিত কৰা সকলোবোৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা বুলি অভিযোগ কৰে দিব্যজ্যোতি শইকীয়াই।