• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ নিৰ্বাচন : সন্মানৰ যুঁজ; আত্মসন্মানৰ প্ৰশ্ন!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2020 7:26 pm
b88c05c2-d8f7-4ab4-9a64-ae3e148c948c
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই শাসক-বিৰোধী মন্ত্ৰী-বিধায়কৰ মাজত যেন বাক বিতণ্ডা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

ইতিমধ্যে বিজেপিয়ে দুখন আসনত জয়ী হ’ব বুলি নিশ্চিত। তৃতীয় আসনখনৰ বিৰোধী কংগ্ৰেছ বা এআইয়ুডিএফৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয়ী হোৱাৰ সম্ভাৱনা আহি পোৱাৰ সময়তে এতিয়া প্ৰাৰ্থী হিচাপে কাক থিয় কৰাব তাক লৈ জল্পনা কল্পনা অৱ্যাহত ৰাখিছে।

Apply Now

চৰ্চা অনুসৰি প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক অজিত ভুঞাই ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। চৰ্চা চলা মতে কংগ্ৰেছ নেতত্বৰ বিৰোধী প্ৰাৰ্থী হ’ব পাৰে দুয়োগৰাকী।

সেই সুযোগ গ্ৰহণ কৰিছে বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চল চাই চাপৰি বাই হিমন্ত বিশ্ব শৰ্মাই দিছে কেইবাটাও টিপ্পনি আৰু চলে বলে কৌশলে তৃতীয়খন আসন নিজৰ দখললৈ অনাৰ বাবে যেন চেষ্টা চলাইছে।

কিয়নো যোৱা ৩ মাৰ্চৰ দিনা হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য আগবঢ়াইছিল য’ত কোৱা হৈছিল আত্ম সন্মান থকা লোকে এআইয়ুডিএফৰ টিকট লৈ কেতিয়াও ৰাজ্যসভালৈ নাযায়। পাঠক ৰাইজৰ সুবিধাৰ্থে মন্ত্ৰীগৰাকীয়ে কোৱা বক্তব্যৰ কিয়দাংশ আগবঢ়ালো।

‘যাৰ আত্ম সন্মান নাই তেনেকুৱা ব্যক্তিয়েহে এআইয়ুডিএফৰ টিকটত ৰাজ্যসভালৈ যাব। যাৰ আত্ম সন্মান আছে সি কিয়নো এআইয়ুডিএফৰ টিকটত ৰাজ্যসভালৈ যাব? এআইয়ুডিএফৰ টিকট লৈ নিৰ্বাচন খেলিলে যুগ যুগলৈ পৰিয়ালৰ লোক বদনামী হৈ থাকিব। এআইয়ুডিএফৰ টিকটত যি ৰাজ্যসভালৈ যায়, যদি তেওঁ খিলঞ্জীয়া ব্যক্তি হয় ৭ পুৰুষলৈকে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বদনাম সহ্য কৰিব লাগিব। গতিকে মই নাভাবো যে কোনো বিবেকবান ব্যক্তি গৈ এআইয়ুডিএফৰ টিকট লৈ ৰাজ্য সভাৰ পৰা খেলিব। যদি কাৰোবাৰ নিজৰ লগতে তেওঁৰ সাতটা পুৰুষক বদনাম কৰিব বিচাৰিছে তেন্তে যাওঁক, আমাৰ শুভেচ্ছা আছে।’ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছত এটা কথা উল্লেখ কৰিবই লাগিব। নীতি-আদৰ্শ সুকীয়া হ’লেও ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী একত্ৰিত হোৱাটো নতুন কথা নহয়। কিয়নো পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে বিৰোধী বিজেপি, এআইয়ুডিএফ আৰু অগপই উমৈহতীয়াভাৱে প্ৰাৰ্থী দিয়াৰ উদাহৰণ এইখন অসমতে আছে।

২০১০ আৰু ২০১৪ চনৰ ৰাজ্যসভাৰ নিৰ্বাচনত তিনিওটা দলে ৰাজ্যসভালৈ উমৈহতীয়াভাৱে প্ৰাৰ্থী দিছিল। কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থতে তিনিওটা দলৰে কোনোধৰণৰ সদস্য নোহোৱা সত্তেও জ্যেষ্ঠ সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনক ২০১৪ চনত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল।

২০১৪ চনত ৰাজ্যসভাৰ তৃতীয়খন আসনতো জয়ী হ’ব পৰা নাছিল হাইদৰ হুছেইন। কংগ্ৰেছৰ বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী সেই সময়ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। সেই সময়ত হৰ্ছ ট্ৰেডিং অথবা ঘোঁৰা কিনা ৰাজনীতিৰে কংগ্ৰেছ বিপিএফ প্ৰাৰ্থীগৰাকী বিজয়ী হৈছিল বুলি সেই সময়ত গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

তদুপৰি, ২০১০ চনত জয়ন্ত বৰুৱা বিজেপি এআইয়ুডিএফ আৰু অগপৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে আছিল। ২০১০ চনত বিজেপিৰ ৰুমী নাথ, অভিজিৎ হাজৰিকাকে ধৰি মুঠ ৫ গৰাকী বিধায়কে কংগ্ৰেছত ভোটদান কৰাৰ বাবে জয়ন্ত বৰুৱা পৰাজিত হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

অৱশ্যে সেইসময়ত কংগ্ৰেছত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কিন্তু সেই ৰাজনৈতিক ইতিহাস যেন মনত নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সেই ইতিহাস পাহৰি তৃতীয় আসনখনৰ মোহতে যেন তেওঁ এতিয়া বিভিন্নধৰণৰ তীৰ্য্যক মন্তব্যৰে বিৰোধী কংগ্ৰেছ বা এআইয়ুডিএফ আৰু কা বিৰোধী বুদ্ধিজীৱী, নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

উল্লেখ কৰিব পাৰি যে, হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ পাছতে কেইবাখনো ফটো বিশেষকৈ হাইদৰ হুছেইনে মনোনয়ন দাখিল কৰা তথা বদৰুদ্দিন আজমলৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব থকা দুখন ফটো ইতিমধ্যে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে বিভিন্ন মন্তব্যৰে মন্ত্ৰীগৰাকীক উপলুঙা কৰা দেখিবলৈ পোৱা গৈছে।

এতিয়া কথা হৈছে ৰাজ্যসভাৰ আসন দখলৰ বাবে শাসক-বিৰোধীৰ মাজত হ’বলগীয়া যুঁজখন সন্মানৰ যুঁজহে, ইয়াত আত্মসন্মানৰ প্ৰশ্ন অৰ্থহীন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd