চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ নাঙলভাঙাত চোৰাং কাঠ ব্যবসায়ীৰ বিৰুদ্ধে চিৰাং আৰক্ষী আৰু বন বিভাগৰ লোকে যৌথ অভিযান চলায়।
আজিৰ এই অভিযান সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়া মতে পুৱাৰ ভাগত আমগুৰি থানাৰ অন্তৰ্গত নাঙলভাঙা গাঁৱত আৰক্ষী আৰু বন বিভাগৰ লোকে যৌথ ভাবে অভিযান চলাই জঙ্ঘলৰ ভিতৰত বিশেষভাৱে স্থাপন কৰা এখন অবৈধ কাঠফলা মিলৰ লগতে মিল চৌহদৰ পৰা বুজন পৰিমাণৰ চোৰাং ফলা কাঠ আৰু কাঠৰ কুন্দা জব্দ কৰে যদিও এই সংক্ৰান্তত কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।
পিছত জব্দ কৰা কাঠখিনি কাজলগাঁৱৰ বন সংমণ্ডলৰ কাৰ্য্যালয়ত অনা হয়।
আজি জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ’ব বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে।
উল্লেখ্য যে চোৰাং কাঠৰ ব্যৱসায়ীসকলে ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ বনাঞ্চল এলেকাৰ পৰা চোৰাংভাৱে গছ গছনি কাটি আনি এনেধৰণৰ অবৈধ মিলত কাটি সৰু সৰু বাহনেৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰে।
এনেধৰণৰ অবৈধ কাঠ ফলা মিল নাঙলভাঙা অঞ্চলত আৰু বহু কেইখন চলি আছে বুলি বন সংমণ্ডলৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়ে।
সেইবোৰ অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে শীৰ্ঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইপিনে চাৰিও পিনৰ পৰা নদীয়ে আবৰি ৰখা দুৰ্গম অঞ্চল নাঙলভাঙাত এনেধৰণৰ কেইবাটাও অবৈধ চোৰাং কাঠ ফলা মিল চলি আছে কিন্তু বন বিভাগ বা আৰক্ষীৰ লোকে অভিযান চলোৱাৰ পুৰ্বেই চোৰাং কাঠ ব্যবসায়ীসকলে কৌশল কৰি অবৈধ কাঠফলা মেচিন লুকাই পেলায়।
এইক্ষেত্ৰত একাংশ দুৰ্নীতিগ্ৰস্থ বনকৰ্মী আৰু আৰক্ষীয়ে আগতীয়াকৈ অভিযানৰ খবৰ চোৰাং কাঠ ব্যবসায়ী চক্ৰক দি সহায় কৰাৰ গুৰুতৰ অভিযোগ পোৱা গৈছে ।