গোটেই বিশ্বতে কৰোনাভাইৰাছৰ আতংকই ছানি ধৰাৰ মাজতে ভাৰততো এই ভাইৰাছৰ আতংক বিয়পি পৰিছে। ইয়াক প্ৰতিৰোধৰ বাবে লোকে মাস্ক পৰিধান কৰাৰ উপৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।
ইয়াৰ মাজতে পুনেৰ এখন প্ৰসিদ্ধ হাস্পাতলৰ এজন ফাৰ্মাচিষ্টক মাস্ক, দৰৱ, ইনজেকশ্যনসহ ৩৫,০০০টকাৰ মেডিকেল সামগ্ৰী চোৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে কৰোনাভাইৰাছৰ আতংকৰ বাবে বৰ্তমান মাস্কসমূহ মহঙা হৈ পৰিছে।
পুনেৰ প্ৰসিদ্ধ হাস্পাতলখনত কৰ্মৰত সুযশ পণ্ডাৰে (২৮) নামৰ ফাৰ্মাচিষ্টজনক চিচিটিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়।
পণ্ডাৰেৰ জিম্মাৰ পৰা জব্দ কৰা মেডিকেল সামগ্ৰীসমূহৰ ভিতৰত ১,২৫৩ টকাৰ মাস্ক, ৯,৫৯৭ টকাৰ ইনজেকশ্যন, ১,৭৫০ টকাৰ সামগ্ৰী, ২৩,১১০ টকাৰ আগমেন্টিন 625 mg টেবলেট, কেলছিয়াম টেবলেট, কিডনী ৰোগৰ ডায়েলেছিছৰ সময়ত ব্যৱহাৰ হোৱা Renecar টেবলেট আৰু এন্টাছিড কেপছ্যুল আছিল।
চিচিটিভি ফুটেজত ধৰা পৰা অনুসৰি সুযশে এন্ধাৰৰ সুযোগ লৈ এই সামগ্ৰীখিনি চোৰ কৰিছিল।
হাস্পাতাল প্ৰশাসনে লগে লগেই কাৰেগাঁও আৰক্ষী থানাত এফ আই আৰ দাখিল কৰে। সুযশক ভাৰতীয় দণ্ডবিধিৰ ৩৮১ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।
সুযশ পণ্ডাৰে এজন ডিগ্ৰিধাৰী ফাৰ্মাচিষ্ট আৰু বিগত ৪বছৰ ধৰি হাস্পাতলখনৰ মেডিকেল ষ্টোৰ্ছত কাম কৰি আছিল।