লক ডাউনৰ প্ৰথম দিনা আজি শিৱসাগৰ চহৰ ৰাজপথ সম্পূৰ্ণ জনশূন্য হৈ পৰে। জৰুৰীকালীন সেৱা সমূহৰ বাদে কোনো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্য্যালয় আদি সম্পূৰ্ণ বন্ধ থাকে। শিৱসাগৰ চহৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে তহল দিয়া দেখা যায়।
অৱশ্যে ইয়াৰ মাজতে আৰক্ষী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত দুই এটা হতাহতিৰ ঘটনাৰ ঘটে।
আনহাতে, লক ডাউনৰ সময়ত শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বহুটো গুৰুত্বপূৰ্ণ পদক্ষেপ। জনশূন্য ৰাজপথৰ লগতে কেন্দ্ৰীয় বজাৰত চেনিটাইজিং কৰি বিজাণুমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে।
শিৱসাগৰ জিলা প্ৰশাসনে গঠন কৰি দিয়া টাষ্ক ফ’ৰ্চে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চহৰখনৰ অপৰিষ্কাৰ ঠাইসমূহত চেনিটাইজাৰ চতিওৱা দেখা গৈছে। এই পদক্ষেপ অনাগত দিনত আন আন ঠাই সমূহতো কৰা হ’ব বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা প্ৰশাসনে।
ইফালে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহনে জিলাখনৰ বিভিন্ন স্থানত পৰিভ্ৰমণ পৰি পৰিস্থিতি বুজ লোৱাৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তৰ লগত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ গৈ ক’ৰ’না ভাইৰাচৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যপ্ত সা-সুবিধা আছেনে নাই সেই সম্পৰ্কত আলোচনা কৰাৰ লগতে সকলো চিকিৎসা কৰ্মীক সস্তম হৈ থাকিবলৈ আহ্বান জনায়।