• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তবলিগী জামাতৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক : আব্দুল খালেক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 3, 2020 4:32 pm
05-09-17-Guwahati-Assembly-Abdul-Khalek-750x375

বৰপেটাৰ সাংসদ আব্দুল খালেক। ফাইল ফটো

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্রকাশ কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে। অসমত ১৬জনকৈ ক’ৰনা ভাইৰাছত আক্রান্ত হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিছে সাংসদ গৰাকীয়ে।

সাম্প্ৰদায়িকতা ক’ৰনাত কৈ বেছি ভয়ানক বুলি উল্লেখ কৰি খালেকে কয়, “অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰনা প্ৰতিৰোধৰ বাবে যি ব্যৱস্থা লৈছে তাক শলাগী আহিছোঁ। কিন্তু একে সময়তে তেওঁ যিদৰে ক’ৰনা ৰোগীৰ নাম যোৱা কেইদিন ধৰি প্ৰকাশ কৰি আহিছে সেইয়া ৰাজ্য সামাজিক স্বাস্থ্যৰ বাবে মংগলজনক নহয়”।

Apply Now

দেশত যিসকলৰ বৰ্তমান সময়লৈকে মৃত্যু হৈছে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই।গতিকে অসমৰ সংবাদ মাধ্যমত ক’ৰনা আক্রান্ত সকলৰ নাম প্ৰকাশ কৰাটো কিমান দূৰ গ্ৰহনযোগ্য। সেই কথা স্বাস্থ্য মন্ত্ৰীক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় সাংসদ খালেকে।

তেওঁ লগতে কয় ক’ৰনাই সমগ্ৰ মানৱ জাতি আৰু দেশলৈ দুৰ্যোগ কঢ়িয়াই আনিছে।দেশত অৰ্ধশতাধিকতকৈ অধিক ব্যক্তি মৃত্যু হৈছে।য’ত হিন্দু, মুছলমান, শিখ সকলোধৰণৰ ব্যক্তি আছে। কিন্তু অসমৰ লগতে দেশত একাংশই নিজামুদ্দিন মাৰকাজৰ তবলিগী জামাতৰ ঘটনাক কেন্দ্ৰ কৰি গোটেই ঘটনাটোক এক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক ৷

তবলিগী জামাতে নিজামুদ্দিন মাৰকাজত যি কাম কৰিছে অজ্ঞাতবসত বা অন্য কাৰণতে হওঁক সেইয়া সমৰ্থন যোগ্য নহয় বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয়, “একে সময়তে নিজামুদ্দিন মাৰকাজৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বত থকা নিজামুদ্দিন আৰক্ষী চকী তথা দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাটো গৰিহণা যোগ্য”।

সমগ্ৰ ঘটনাৰ কাণ্ডত দিল্লীৰ ৰাজ্য চৰকাৰৰ ভূমিকা সন্তোষ জনক নহয় বুলি তাৎপৰ্য্য পূৰ্ণ মন্তব্য প্ৰকাশ কৰি খালেকে কয়, “যিসকল এতিয়ালৈকে নিখোজ হৈ আছে তেওঁলোকলৈ অনুৰোধ নিজৰ লগতে পৰিয়ালৰ তথা সমাজ আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে যিমান সোনকালে পাৰি ওচৰৰ চিকিৎসা কেন্দ্ৰত যোগাযোগ কৰিব লাগে”।

“বেমাৰৰ কোনো ধৰ্ম-বৰ্ণ নাথাকে।মহামাৰী ধৰ্মনিৰপেক্ষ।এই  বেমাৰক কেন্দ্ৰ কৰি ৰাজনীতি যাতে কোনেও নকৰে”-সকলোকে আহ্বান জনাই খালেকে কয়।

‘’প্ৰধানমন্ত্ৰীৰ আহ্বানত লকডাউন সকলোৱে মানিছোঁ।কৰবাত ত্ৰুটি-বিচ্যুতি হৈছে সেয়া বেলেগ কথা।লক ডাউন সু-পৰিকল্পিত ভাৱে কৰা হোৱা নাছিল।যাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত শ্ৰমিক আৰু শ্ৰমজীৱী লোক সকল আবদ্ধ হৈ আছে।খাদ্য সংকট হৈছে,’’-খালেকে কয়।

‘’অসম তথা বৰপেটা লোকসভাৰ সমষ্টিৰো বহু লোক বিভিন্ন ৰাজ্যত খাদ্য সংকটত ভুগি আছে। একেদৰে ৰাজ্যতো বিভিন্ন জিলাত বহু লোক আৱদ্ধ হৈ আছে। তেওঁলোকক সহায় কৰিবলৈ কিছু সক্ষম হৈছোঁ যদিও কিছু পৰিমানে ব্যৰ্থ হৈছোঁ। এই লোকসকল যিয়ে যেনেকৈ পাৰে সহায় কৰিব লাগে,’’- সাংসদ গৰাকীয়ে সকলোলৈ এইদৰে মুকলি আহ্বান জনায়।

Tags: COVID19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd