• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰলৈ কেইটামান পৰামৰ্শ সচিবালয় সেৱা সন্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2020 7:11 pm
jonota bhawan
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পাছত ৰাজ্যজুৰি চৰকাৰী কাৰ্য্যালয়লৈ উভটিছে বিষয়া কৰ্মচাৰী। অসম সচিবালয়তো আজিৰে পৰা ৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ কৰা হৈছে চৰকাৰী কাম-কাজ।

ল’কডাউন শিথিলৰ লগে লগে জনতা ভৱনৰ কৰ্মচাৰীসকলৰ যাতায়াতৰ বাবে আজিৰে পৰা চৰকাৰৰ নিৰ্দেশমৰ্মে গুৱাহাটীৰ ৮টা পথত ১৬ খন বাছৰ সেৱা আৰম্ভ কৰিছে।

Apply Now

উল্লেখ কৰিব পাৰি যে কাৰ্যালয়লৈ অহা যোৱা কৰাৰ বাবে নিজাববীয়াকৈ ব্যক্তিগত বাহন ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰা নাই।

কিন্তু অনুমোদিত  সকলো বাছত “সামাজিক দুৰত্ব” পৰিলক্ষিত হোৱা নাই। ফলত কাৰ্যালয়ত অহা যোৱা কৰাত কিছু বিষয়া কৰ্মচাৰীৰ অসুবিধা হৈছে।

বহু কেইটা পথতে চৰকাৰে বান্ধি দিয়া সংখ্যাতকৈ বেছি কৰ্মচাৰী বাছত আহিবলগীয়া হৈছে বুলি গুৰুতৰ অভিযোগ তোলে অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই।

ইয়াৰ লগতে অন্যান্য কিছু দিশ সামৰি কোভিড১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এক বিজ্ঞপ্তিৰ জৰিয়তে জনতা ভৱনৰ বিষয়া কৰ্মচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ নিমিত্তে চৰকাৰক কেইটামান পৰামৰ্শ আগবঢ়ায় অসম সচিবালয় সেৱা সন্থাই।

তলত সেইসমূহ অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :-

১) কাৰ্যালয়লৈ অহা যোৱা কৰিবৰ বাবে “roster duty” ৰ বিপৰীতে কৰ্মচাৰীসকলক ব্যক্তিগত বাহন ব্যবহাৰ কৰাৰ অনুমতি প্ৰদান কৰা।

২) চৰকাৰে অনুমোদন কৰা বাছসমূহৰ কৰ্মচাৰী যাত্ৰীৰ ক্ষেত্রত সম্পুৰ্ণ “সামাজিক দুৰত্ব”ৰ নীতি মানি চলা, যথাসময়ত পৰ্যাপ্ত পৰিমাণে চেনিটাইজ কৰা, প্ৰয়োজন সাপেক্ষে আৰু বাছৰ সংখ্যাৰ লগতে বাছৰ পথো বৃদ্ধি কৰা।

৩) গৃহ মন্ত্রণালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰি ৫ বছৰৰ তলৰ সন্তান থকা অভিভাৱকসকলক ঘৰৰ পৰাই কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা।

৪) গৰ্ভৱতী কৰ্মচাৰী, মধুমেহ ৰোগ থকা কৰ্মচাৰী, উচ্চ ৰক্তচাপত আক্ৰান্ত কৰ্মচাৰী, দিব্যাংগ কৰ্মচাৰী আদিৰ শাৰিৰীক দিশৰ প্ৰতি লক্ষ্য  তেখেতসকলক ঘৰৰ পৰাই কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা।

৫) জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগৰ বাহিৰে বাকী বিভাগবোৰৰ ক্ষেত্রত শিথিলতাৰ নীতি পৰিৱৰ্তন কৰি কৰ্মচাৰীসকলক ঘৰৰ পৰাই কৰ্মত নিয়োজিত কৰা বা আৰু সাময়িকভাবে যথাসম্ভব অতি কম কৰ্মচাৰীৰ জৰিয়তে কাৰ্য সম্পাদন কৰা।

৬) গুৱাহাটীৰ বাহিৰত ৰাজ্যৰ বিভিন্ন স্হানত আৱদ্ধ হৈ থকা জনতা ভৱনৰ কৰ্মচাৰীসকলক গুৱাহাটীলৈ অহাৰ ব্যৱস্থা কৰা।

৭) যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্মত নিয়োজিত হৈ থকা সময়ত কোভিড১৯ ৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰে তেনে কৰ্মচাৰীসকলকো ৫০ লাখ টকাৰ বীমাৰ আওতাধীন কৰা।

পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনাকো প্ৰাধান্য দিয়াৰো সন্থাই পোষকতা কৰে।

ইয়াৰোপৰি বিজ্ঞপ্তিত উল্লেখ কৰি হাজৰিকাই কয় ‘সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰী ভাৱে অনুমোদিত বাছসেৱা বা/ আৰু অন্য যাতায়তৰ সেৱাৰ সুবিধা নাপালে কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা কম (যদিহে খোজ কাঢ়ি আহিব পৰা দুৰত্বৰ আওতাধীন নহয়) আৰু এইক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিব। কোনো কৰ্মচাৰী যাতায়তৰ অসুবিধাৰ বাবে কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিলে কৰ্মচাৰীসকলৰ পক্ষতেই সন্থাই থাকিব।‘

এনেবোৰ দিশত চৰকাৰে অতিশীঘ্ৰে নীতি নিৰ্ধাৰণ কৰিব বুলি হাজৰিকাই আশা প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd